COVID-19 : ক’ভিড আপডেট

covid test srinagar pti

দেশজুৰি বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা কমি চাৰি হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৪,০৪৩ । সোমবাৰে এই সংখ্যা আছিল ৪,৮৫৮।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত আছে কেৰালা । কেৰালাত দৈনিক সংক্রমিতৰ সংখ্যা দুই হেজাৰ হ’লেও বিগত ২৪ ঘণ্টাৰ তুলনাত হ্ৰাস পাইছে । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক সংক্রমিতৰ সংখ্যা ১,৮২৮ ।

দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে তামিলনাডু (৪৯৮), মহাৰাষ্ট্র (২৯২), কর্নাটক (২৫৩), পশ্চিমবংগ (১৩৯) আৰু ওড়িছা (১২৫) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্রান্ত হৈ নজনৰ মৃত্যু হৈছে । হাৰিয়ানা আৰু মহাৰাষ্ট্রত দুজন, উত্তৰ প্রদেশ, পশ্চিমবংগ, ৰাজস্থান, গুজৰাট আৰু উত্তৰাখণ্ডত এজনকৈ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি কেৰালাত কৰ’নাত আক্রান্ত হৈ ছজন লোকৰ আগতে মৃত্যু হৈছিল যিটো তালিকাত পাছত নথিভুক্ত কৰা হৈছে । সোমবাৰে এই সংখ্যা আছিল ১০ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৭৮২ জনে ক’ভিড আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

Exit mobile version