ELECTRICITY BILL : বিদ্যুৎ বিলৰ আসোঁৱাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

WhatsApp Image 2022 09 20 at 16.08.43 1

ELECTRICITY BILL : ৰাজ্যৰ সৰ্বত্ৰে বিদ্যুৎৰ বৰ্ধিত বিলক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী ঘোষণা ৷ যিসকল বিদ্যুত গ্ৰাহকৰ অত্যাধিক বিলক লৈ কিবা আপত্তি থাকিলে তেওঁলোকে এপিডিচিএলক দিব পাৰিব আবেদন ৷ ইতিমধ্যে এই সম্পৰ্কীয় জাননী জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এপিডিচিএলক নিৰ্দেশ দিয়ে ৷ বৰ্ধিত বিদ্যু বিল অহা প্ৰতিজনলোকে নিজ নিজ অঞ্চলত থকা সংমণ্ডলৰ কাৰ্যালয়ত লিখিতভাৱে আপত্তি দাখিল কৰিব পাৰিব ৷

আবেদনৰ পিছতে এপি ডিচিএলৰ কৰ্মচাৰী সংশ্লিষ্ট বিদ্যুত গ্ৰাহকজনৰ জনৰ বাসগৃহত থকা মিটাৰ ৰিডিং পৰীক্ষা কৰিব ৷ এই সন্দৰ্ভত কিবা আসোঁৱাহ পালে পৰৱৰ্তী বিলৰ লগৰ লগত মিলাৰ দিব বিদ্যুৎ মাচুল ৷

Exit mobile version