WEST BANGAL ENTRY ADANI GROUP : পশ্চিমবঙ্গত আদানী গ্ৰুপত ৰঙা দলিচা মমতা বেনাৰ্জীৰ

পশ্চিমবঙ্গৰ প্ৰথমটো গভীৰ সাগৰীয় বন্দৰ নিৰ্মাণ কৰিব আদানীয়ে

WhatsApp Image 2022 09 20 at 17.10.11 1

WEST BANGAL ENTRY ADANI GROUP : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আশীৰ্বাদপুষ্ট বিশ্বৰ দ্বিতীয়জন ধনকুবেৰ গৌতম আাদানীৰ বিৰুদ্ধে সময়ে সময়ে সৰব হৈ থকা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী শেহতীয়াকৈ কিছু নৰম হোৱা দেখা যায় ৷ চুবুৰীয়া ৰাজ্যখনৰ তাজপুৰত আদানী গ্ৰুপে ১৫ হাজাৰ কোটি টকা বিনিয়োগৰে নিৰ্মাণ কৰিবলগীয়া তাজপুৰ সাগৰীয় বন্দৰ নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে পশ্চিমবংগৰ ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকে আদানী গ্ৰুপক দিয়াৰ সিদ্ধান্তক মোহৰ মাৰে ৷ এক প্ৰকাৰ পশ্চিমবংগলৈ ৰঙা দলিচা পাৰি দিলে আদানী গ্ৰুপক ৷

কেবিনেটৰ বৈঠকৰ পিছতে পশ্চিমবংগ চৰকাৰৰ মুখপাত্ৰ তথা নগৰ পৰিক্ৰমা মন্ত্ৰী ফিৰহাদ হাকিমে বিধানসভাত কয় যে মুখ্যমন্ত্ৰীয়ে আদানী গ্ৰুপক ‘লেটাৰ অৱ ইনটেণ্ট’ প্ৰদান কৰি পশ্চিমবংগলৈ আমন্ত্ৰণ জনাব । তাজপুৰ সাগৰীয় বন্দৰ নিৰ্মাণৰ বাবে চৰকাৰে নিবিদা আহ্বান কৰিছিল য’ত আদানী গ্ৰুপ সহ আন এটা প্ৰতিষ্ঠানে নিবিদাত ভাগ লয় ৷ কিন্ত সৰ্বোচ্চ নিবিদা দিয়া বাবে চৰকাৰে আদানী গ্ৰুপক বন্দৰটি নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰে৷

উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে কয় যে গভীৰ সাগৰীয় বন্দৰটি নিৰ্মাণৰ আন্ত:গাথনি উন্নয়নৰ বাবে পশ্চিমবংগ চৰকাৰে প্ৰাৰম্ভিক পৰ্যায়ত নিজাববীয়াকৈ বিনিয়োগ কৰিব দহ হাজাৰ কোটি টকা ৷ তেওঁ লগতে কয় যে তাজপুৰৰ বন্দৰৰ বাবে নিবিদা আৰু ডি পি আৰ প্ৰক্ৰিয়া বহুদিন ধৰি চলি আছিল। তাত দুজনে অংশ লৈছিল । তাজপুৰ বন্দৰ নিৰ্মাণৰ বাবে আদানী গ্ৰুপে সৰ্বোচ্চ নিবিদা দিয়া কোম্পানী । বন্দৰটোত মুঠ বিনিয়োগ হ’বগৈ ২৫ হাজাৰ কোটি ৷ স্মতৰ্ৱ্য যে বন্দৰটো তাজপুৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰত নিৰ্মাণ কৰা হ’ব ৷ ইয়াত প্ৰত্যক্ষভাৱে নিযুক্তি লাভ কৰিব প্ৰায় জৰিয়তে ২৫ হাজাৰ লোকে ৷

এই অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগীয়া বন্দনৰটি নিৰ্মাণ হৈ উঠিলে ঔদ্যোগিক চহৰ ডাংকুনী আৰু ৰঘুনাথপুৰৰ পৰা এই বন্দৰলৈ যাত্ৰা কৰাটো অতি সুবিধাজনক হ’ব বুলি উল্লেখ কৰে নগৰ উন্নয়ন মন্ত্ৰী গৰাকীয়ে ৷ মনকৰিবলগীয়া যে চলিত বৰ্ষৰ মাজভাগত কলকাতাত অনুষ্ঠিত হোৱা বিশ্ব বংগ বাণিজ্য সন্মিলনত বিশিষ্ট অতিথি ৰূপে ভাগ লৈছিল বিশ্বৰ দ্বিতীয় ধনীব্যক্তি উদ্যোগপতি গৌতম আদানীয়ে ৷ এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে ভাগ লোৱা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰে  বাৰ্তালাপ হয় আদানীৰ ৷ আদানীয়ে তাজপুৰ বন্দৰ নিৰ্মাণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল বেনাৰ্জীক ৷ তদুপৰি আদানী গ্ৰুপে ৰাজ্যখনত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ কথা প্ৰকাশ কৰে স্বয়ং গৌতম আদানীয়ে ৷

Exit mobile version