GUWAHATII REHAB CENTRE : গুৱাহাটীৰ ৰিহাব চেণ্টাৰত যুৱতীৰ ৰহস্যজনক মৃত্যু

WhatsApp Image 2022 09 21 at 16.33.16 1

GUWAHATI REHAB CENTRE : গুৱাহাটী মহনগৰীৰ খাৰখুলিত থকা ৰিহাব চেন্টাৰ এটাত থকা যুৱতী এগৰাকীক ৰহস্যজনক অৱস্থাত মৃত অৱস্থাত উদ্ধাৰ কৰে চেন্টাৰটোৰ কতৃৰ্পক্ষই ৷ এমাহ পৰ্বে ফেইড ফাউণ্ডেচ নামৰ ৰিহাব চেন্টাৰটোক চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে ভৰ্তি কৰিছিল ৷ কিন্ত আজি পুৱা মৃত অৱস্থাত উদ্ধাৰ কৰি চেন্টাৰটোৰ লোকে ৷ পাঠশালাৰ নিবাসী যুৱতী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ খবৰ পাই উপস্থিত হয় স্থানীয় আৰক্ষী ৷

আনহাতে ৰিহাব চেন্টাৰটোৰ কতৃৰ্পক্ষই কয় যে, ” যুৱতী গৰাকী মানসিক ৰোগী আছিল আৰু পুনৰ্বাসৰ বাবে থকাৰ আগতে আত্মহত্যাৰ চেষ্টা কৰিছিল। আমাৰ মহিলা কৰ্মকৰ্তা সকলে তেওঁৰ যথেষ্ট যত্ন লৈছিল, কিন্তু, হঠাতে পুৱা প্ৰায় ৪ বজাত আমি তাইক তাইৰ কোঠাত মৃত অৱস্থাত পাইছিলো। আমি বিশ্বাস কৰিব পৰা নাছিলো যে তাই আৰু নাই, কিয়নো তাই ভালদৰে আৰোগ্য হৈ উঠিছিল ৷’ আৰক্ষীয়ে যুৱতী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে জি এম চি এইছলৈ ।

ইফালে, মৃতকৰ পৰিয়ালৰলোকে পুনৰ্সংস্থাপন কেন্দ্ৰৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তহে পোহৰলৈ আনিব
প্ৰকৃত ঘটনা ৷

Exit mobile version