NRC : এন আৰ চি গোচৰৰ দিন ধাৰ্য উচ্চতম ন্যায়ালয়ৰ

এক নৱেম্বৰত হ'ব শুনানি

WhatsApp Image 2022 09 21 at 17.04.08

SUPREME COURT : বহু চৰ্চিত এন আৰ চি মুল গোচৰৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ শুনানিৰ বাবে দিন ধাৰ্য কৰে এক নৱেম্বৰত ৷ ইতিমধ্যে শুনানিৰ বাবে মুখ্য ন্যায়াধীশে পাঁচজনীয়া এখন বিচাৰপীঠ গঠন কৰি দিয়ে ৷ বিচাৰপীঠ খনৰ নেতৃত্ব ল’ব ন্যায়াধীশ দি ৱাই চন্দ্ৰচুৰ৷আন কেইজন ন্যায়াধীশ হ’ল ক্ৰমে কৃষ্ণ মুৰাৰী,হীমা কোহলী,এম আৰ শ্বাহ,পমী দিগন্তম আৰু শ্ৰীনৰহসীমাও ৷

২০১৯ বৰ্ষৰ ৩১আগষ্ট প্ৰকাশ পোৱা এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ কৰি কেইবাটাও পক্ষই আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত ৷ কিন্তু গোচৰটোৰ শুনানি হোৱা নাছিল ডেৰবছৰ ধৰি ৷ শেহতীয়াকৈ ন্যায়ালয়ে বিষয়টো গুৰুত্ব আৰোপ কৰি ডেৰ বছৰ বিৰতিৰ পিছত মুল গোচৰৰ শুনানিৰ বাবে গ্ৰহণ কৰে ৷
লক্ষণীয়ভাৱে এন আৰ চি ভিত্তিবৰ্ষৰ বাবে আবেদন কৰা গোচৰৰ শুনানি পৃথকে কৰিব ন্যায়ালয়ে ৷

Exit mobile version