ধূপধৰাৰ কোঠাকুঠিত উত্তেজনা, গ্ৰামীণ বিকাশ বেংকৰ ভিতৰত যৌন অভিসাৰ, স্থানীয় ৰাইজে কৰায়ক্ত কৰিলে স্বত্বাধিকাৰীক

ধূপধৰাৰ কোঠাকুঠিস্থিত গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ ভিতৰত সংঘটিত হৈছে এক অনৈতিক ঘটনা । গ্ৰাহক সেৱা কেন্দ্ৰটোৰ ভিতৰত এগৰাকী মহিলাৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হৈছিল কেন্দ্ৰটোৰ স্বত্বাধিকাৰী এলেন কছাৰী নামৰ যুৱকজন ৷ এই অনৈতিক কাৰ্যৰ ভিডিঅ’ মোবাইলে মোবাইলে ভাইৰেল হোৱাৰ পিছতে অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

খবৰ অনুসৰি ,এলেন কছাৰী নামৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী গৰাকীয়ে যৌন কাৰ্যত লিপ্ত হোৱাৰ দৃশ্য চি চি টিভিৰ ভিডিঅ’ কিছুদিন পূৰ্বে ভাইৰেল হয় । সেই লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি স্থানীয় ৰাভা ছাত্ৰ সন্থাৰ কৰ্মীয়ে কেন্দ্ৰটোত উপস্থিত হৈ কৰায়ত্ত কৰে যুৱক জনক ৷ উল্লেখযোগ্য যে, কেন্দ্ৰটোৰ পৰা যুৱকজনক উলিয়াই আনি লপা-থপা দিয়াৰ লগতে ৰাজহুৱা স্থানত আঁঠু কঢ়াই শাস্তি প্ৰদান কৰে ।

ৰাইজে শাস্তি প্ৰদৰ্শন কৰাৰ পিছতেই যুৱকজনক আৰক্ষীক চমজাই দিয়ে ৷ ইফালে পূৰ্বতেও এই গৰাকী এলেনৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈ আহিছিল । অভিযোগ অনুসৰি , ধৃত কছাৰীয়ে চৰকাৰী আৱাসগৃহ লাভ কৰা গ্ৰাহকে বেংকৰ পৰা টকা উলিয়ালেও কমিচন লোৱাৰ লগতে বৃদ্ধ পেঞ্চনৰ নামতো ধন সংগ্ৰহ কৰা অভিযোগ আছে । তেনেক্ষেত্ৰত এই লম্পট চৰিত্ৰৰ এলেনৰ বিৰুদ্ধে আৰক্ষীয়ক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

Exit mobile version