মহানগৰীত পিএফ আইৰ বিৰুদ্ধে নিয়াৰ মাৰাথন অভিযান

হাতীগাঁৱৰ সিজুবাৰীৰ পৰা গ্ৰেপ্তাৰ পি এফ আইৰ ৰাজ্যিক সভাপতি

WhatsApp Image 2022 09 22 at 14.50.04

সমগ্ৰ দেশজুৰি আজি পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া’(পি এফ আই)ৰ বিৰুদ্ধে নিয়াই যোবাহনিশাৰে পৰা মাৰাথন অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ গুৱাহাটীটো চলাই ব্যাপক অভিযান ৷

মহানগৰীৰ হাতীগাঁৱত থকা পি এফ আই কাৰ্যালয়ত নিয়াই অভিযান চলোৱাৰ পিছত সিজুবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে পি এফ আইৰ অসম ৰাজ্যিক সভাপতিজনক। ধৃত নেতাজনৰ নাম আমিনুল হক । আমিনুল হকৰ ঘৰ কামৰূপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰী টুক্ৰাপাৰাত। একেদৰে দিছপুৰৰ পৰা ফৰহাদ আলী আহমেদ নামৰ আন এজন পি এফ আই কৰ্মক গ্ৰেপ্তাৰ কৰে নিয়াই ৷

আনহাতে কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাৰ চাৰি পিএফ আই নেতা ক্ৰমে হাফিজ ৰফিকুল ইছলাম, বছিৰ আহমেদ,নজৰুল ইছলাম ভূঞা আৰু ৰবিউল হুছেইনক গ্ৰেপ্তাৰ কৰা হয় ৷ গ্ৰেপ্তাৰ হোৱা ৰবিউল হুছেইন পি এফ আইৰ অসম প্ৰদেশ জোটৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷

উল্লেখ্য যে দেশৰ তেৰখনকৈ ৰাজ্যত পি এফ আইৰ বিৰুদ্ধে নিয়াই অভিযান চলাই এই পৰ্যন্ত এশৰো নেতা- কৰ্মীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ পিএফ আইৰ ৰাষ সভাপতি এম এ আব্দুল ছালামৰ কেৰেলাস্থিত বাসগৃহটো আজি মাজ নিশাৰ পৰা নিয়াৰ দলে তালাচী অভিযান অব্যাহত ৰাখিছে ৷ নিয়াৰ অভিযোগ পি এফ আই – এ ৰাষ্ট্ৰবিৰোধী শক্তিৰ সৈতে মিলিত হৈ কাম কৰি আছে ৷

Exit mobile version