Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

WhatsApp Image 2022 09 22 at 20.58.07

Russia : ইউক্রেইনত আৰু সেনা মোতায়েন কৰিব ৰাছিয়াই । সেয়ে দেশৰ ১৮ৰ পৰা ৬৫ বছৰ বয়সৰ পুৰুষসকলক প্রস্তুত থাকিবলৈ নিৰ্দেশ দিছে প্রশাসনে । প্ৰতিবেদন অনুযায়ী, ইয়াৰ পাছতেই ৰুছ বিমান সংস্থাসমূহক এই বয়সৰ পুৰুষসকলক বিমানৰ টিকিট বিক্রী কৰাত বাধা দিয়া হৈছে, যাতে পুৰুষসকলে দেশ এৰি পলায়ন কৰিব নোৱাৰে ।

ছমাহৰো অধিক সময় ধৰি ইউক্রেইনত আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই । যুদ্ধত নিহত হৈছে সহস্ৰাধিক ৰুছ জোৱান । এইবাৰ সেয়ে সাধাৰণ নাগৰিকসকলক যুদ্ধত প্ৰেৰণ কৰিব ৰুছ চৰকাৰে । বুধবাৰে টেলিভিছনত এই বার্তা দিছে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । তাৰ পাছৰ পৰাই বিদেশগামী বিমানত এখনো আসন খালি নাই ।

আর্মেনিয়া, জর্জিয়া, আজাৰবাইজান, কাজাখস্তানগামী প্রত্যেকখন বিমানত বুধবাৰে এটাও টিকিট নাছিল । তুৰস্কৰ বিমান সংস্থাই তেওঁলোকৰ ৱেবছাইটত জনাইছে, অহা শনিবাৰ পর্যন্ত ৰাছিয়াৰ পৰা ইস্তানবুলগামী বিমানৰ কোনো আসন খালি নাই । তাৰ পাছতেই ৰুছ বিমান সংস্থাসমূহক নির্দেশ দিয়া হৈছে, ১৮ৰ পৰা ৬৫ বছৰ বয়সৰ পুৰুষসকলক বিমানৰ টিকিট বিক্রী কৰিব নোৱাৰিব ।

ৰুছ প্রতিৰক্ষা মন্ত্রণালয়ৰ অনুমোদন অবিহনে এই বয়সৰ কোনেও দেশ এৰিব নোৱাৰিব । সামাজিক মাধ্যমত এই দাবী কৰিছে দেশৰ কিছুসংখ্যক সংবাদিকে । দেশত যিকোনো সময়ত যুদ্ধ আইন জাৰি হ’ব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে সাংবাদিকসকলে ।

ৰাষ্ট্ৰপতি পুটিনে দেশৰ পুৰুষসকলক যুদ্ধত প্ৰেৰণৰ কথা ঘোষণা কৰাৰ পাছতেই ৰুছ প্রতিৰক্ষা মন্ত্রী ছেইগেই শোইগুৱে দাবী কৰিছে, দেশৰ তিনি লাখ পুৰুষক ইউক্রেইনত প্ৰেৰণ কৰিবলগীয়া হ’ব পাৰে । এটা প্ৰতিবেদনত এইটোও দাবী কৰা হৈছে, অপৰাধীসকলক ইউক্রেইন যুদ্ধ কৰিবলৈ প্ৰেৰণ কৰিব ৰুছ চৰকাৰে । তেওঁলোকক প্রতিশ্রুতি দিয়া হৈছে, ছমাহ যুদ্ধক্ষেত্রত কটোৱাৰ পাছত শাস্তি মৰিষণ কৰিব ৰাষ্ট্ৰপতিৰে । মাহিলী ভাৰতীয় মুদ্রাত এক লাখ ২৭ হেজাৰ ৪৮৪ টকা বেতনো দিয়া হ’ব ।

Exit mobile version