ASSAM BANDH WITHDRAWN : ২৬ চেপ্তেম্বৰৰ অসম বন্ধ প্ৰত্যাহাৰ ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ

মুখ্যমন্ত্ৰীৰে আলোচনাৰ পিচত এই সিদ্ধান্ত সংগঠন কেইটাৰ

WhatsApp Image 2022 09 23 at 21.02.26

ASSAM BONDH WITHDRAWN : ৰাজ্য ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে আজি ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ নেতৃবৰ্গৰে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে ২৬ ছেপ্তেম্বৰত ঐক্যমঞ্চই আহ্বান জনোৱা অসম বন্ধ প্ৰত্যাহাৰ কৰা হয়  ৷

জনতা ভৱনৰ মুখ্যমন্ত্ৰী সভাগৃহত আজি আবেলিমুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ নেতৃবৰ্গৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত মুখ্যমন্ত্ৰী  শৰ্মাই আন্দোলনৰ জৰিয়তে নহয় আলোচনাৰ মাজেৰেহে জনজাতিকৰণ বিষয়টো সম্পন্ন কৰা হ’ব ৷ ৰাজ্য চৰকাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত সদায় সমৰ্থন দি যাব বুলি উল্লেখ কৰে ৷

 মুখ্যমন্ত্ৰীৰে আলোচনাৰ পিছত ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ নেতৃবৰ্গই এক সুকীয়া বৈঠক অনুষ্ঠিত কৰি বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহনেৰে  নৱেম্বৰলৈকে অসম বন্ধ স্থগিত ৰাখে ৷ আনহাতে বৈঠকৰ পিছত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই- এ কয়,মুখ্যমন্ত্ৰীৰে বৈঠক ইতিবাচক আছিল ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যোগাত্মক সমাধান সুত্ৰ উলিওৱাৰ আশ্বাস দিয়ে বুলি প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত বৈঠকত জলসম্পদ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকা,শিক্ষামন্ত্ৰী ডা : ৰণোজ পেগু,চাহ জনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষানও উপস্থিত থাকে ৷

Exit mobile version