JALEBI RECIPE : জেলেপিত কিয় পাঁচটা পাক থাকে ? জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 23 at 14.31.35

JALEBI RECIPE : শাৰদীয় দুৰ্গোৎসৱ আহিলেই প্ৰতিগৰাকী লোকৰ বাবে সুস্বাদু মিঠাই জেলেপি হৈ পৰে অতি আপোন ৷ কিয়নো প্ৰতিগৰাকী লোকেই খাই ভাল পায় জেলেপি ৷ জেলেপি হৈছে এনে এবিধ সুস্বাদু মিঠাই যাৰ নাম কলেই মানুহৰ মুখলৈ পানী আহে । সমগ্ৰ দেশত হয়তো এনে কোনো মানুহ নাই যি জেলেপি খাই বেয়া পায় ! বিশেষকৈ পশ্চিমবংগৰ বিভিন্ন মেলাৰ এক অপৰিহাৰ্য অংগ হৈছে জেলেপি ।

ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত জেলেপি তৈয়াৰ কৰে যদিও বাংলাৰ জেলেপিৰ চাহিদা কিন্তু দেশৰ ভিতৰতে শীৰ্ষত আছে । কেতিয়াৰ পৰা জেলেপি তৈয়াৰ কৰা হৈছিল , সেইলৈ বিভিন্ন মতান্তৰ আছে যদিও বিভিন্ন তথ্যসূত্ৰে জানিব পৰা যায় যে , প্ৰথম জেলেপিৰ আৱিষ্কাৰ আজিৰ পৰা ৬০০ বছৰৰ আগত হৈছিল । আৰৱ , ‘অক্সফ’ৰ্ড কম্পানিয়ন টু ফুড ‘ ত জেলেপিৰ কথা উল্লেখ কৰি ত্ৰয়োদশ শতাব্দীতে মহম্মদ বিন হাছানে আল বাগদাদি ৰচিত এক লিখনীত জেলেপিৰ কথা উল্লেখ কৰিছিল ।

অৰ্থাৎ আৰৱ , মধ্যপ্ৰাচ্যৰ খাদ্যবিষয়ক গৱেষক ক্ল’ডিয়া ৰডেনেৰ দাবী যে, ত্ৰয়োদশ শতিকাৰ পূৰ্বেই হানুক্কাহ শীৰ্ষক এক অনুষ্ঠানত মিছৰৰ ইহুদীৰ ‘জালাবিয়া’ নামৰ এক মিষ্টি তৈয়াৰ কৰিছিল । কালক্ৰমত এই জালাবিয়াই জেলেপিৰ ৰূপ লয় । ১৪০০-১৫০০ শতিকাতে ভাৰতত জেলেপিৰ প্ৰচলন হৈছিল । যাৰ নাম আছিল ‘কুণ্ডলিকা’ বা ‘জলবল্লিকা’ । আৰৱৰ একাংশ গৱেষকৰ মতে , মোগল সম্ৰাট জাহাংগীৰে দৰবাৰত ‘জাহাংগীৰা ‘ অথবা জেলেপি প্ৰথম প্ৰস্তুত কৰা হয় । পিছত পশ্চিমবংগত আৰু এনেকৈয়েই সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰে ।

জেলেপি সাধাৰণতে ময়দা আৰু গুৰৰ মিশ্ৰণ দি প্ৰস্তুত কৰা হয় । পাঁচটা পাক দি তৈয়াৰ কৰা এই জেলেপি পিছত তেলত ভাজি চেনীৰ ৰসত ডুবাই তৈয়াৰ কৰা হয় । জেলেপিৰ এই পাঁচ পাক দিয়াৰ অৰ্থ হৈছে যে , ইয়াৰদ্বাৰা মানুহৰ জটিল মানসিকতাৰ তুলনা কৰা হয় । যদিও জেলেপিৰ আকৃতিৰ এই কাৰণ সম্পৰ্কে স্পষ্টকৈ জানিব পৰা নাযায় যদিও বিভিন্ন তথ্য অনুসৰি এই মিঠাইক বিশেষভাৱে পৰিচয় দিবৰ বাবেই পাঁচ পাক দি তৈয়াৰ কৰা হয় বুলিও প্ৰচলিত ধাৰণা আছে । আনহাতে আৰৱ দেশৰ প্ৰচলিত ধাৰণা অনুসৰি জেলেপি দীঘলকৈ তৈয়াৰ কৰিলে বেছি ঠাই লাগিব আৰু ভাঙি যোৱাৰ সম্ভাৱনা থকাৰ কাৰণে ইয়াক পাঁচ পাক দি তৈয়াৰ কৰা হয় ।

Exit mobile version