LEDO COAL FIELD : লিডু কয়লাখনি কাণ্ডৰ পুনৰ দুই কয়লা মাফিয়াসহ ৩ জনক গ্ৰেপ্তাৰ ; মৃতদেহ পুতিবলৈ খন্দা দুখন জে চি বি জব্দ

WhatsApp Image 2022 09 23 at 19.36.57

LEDO COAL FIELD : তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত অসম – অৰুণাচল সীমান্তবৰ্তী মালৌ গাওঁস্থিত অবৈধ কয়লা খনিত সংঘটিত ভয়ংকৰ ঘটনাৰ পাছত তৎপৰ আৰক্ষী প্ৰশাসন । অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ পৰা গ্ৰেপ্তাৰ উক্ত অবৈধ কয়লা খনিৰ গৰাকী ডেভিদ নগাৰ দুই সহযোগী । মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকন আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোৱঁৰৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুই অবৈধ কয়লাখননৰে জড়িত মাফিয়াক ।

দুয়োজনৰ নাম হ’ল ক্ৰমে – ছফিকুল ইছলাম আৰু হজৰত ওচমান গণি । অন্যহাতে মৃত তিনি শ্ৰমিকৰ মৃতদেহ গাত খান্দি পুতাত ব্যৱহ্যত দুখন জেচিবি ঘন জংঘলত লুকাই থোৱাৰ পৰা উদ্ধাৰ কৰে । জেচিবিৰ এজন ড্ৰাইভাৰো আটক হয় আৰক্ষীৰ হাতত । আৰক্ষীৰ তৎপৰতাৰ পাছত মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ অবৈধ কয়লা ব্যৱসায়ী সকলৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। অন্য জিলাৰ পৰা অহা সকলো শ্ৰমিক ইতিমধ্যে গৃহভিমুখী হৈছে । ইফালে ঘটনা সম্পৰ্কত কয়লা মাফিয়া সহ মুঠ ৮ জন অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ।

Exit mobile version