MINOR DEATH IN NAGAON : নগাঁৱৰ জুৰীয়াৰ সুঁতিৰপাৰত শোকাৱহ ঘটনা

খেলি থকা অৱস্থাতে পুখুৰীত পৰি সলিলসমাধি চাৰি নাবালিকাৰ

WhatsApp Image 2022 09 23 at 16.48.14

MINOR DEATH IN NAGAON : নগাঁও জিলাৰ জুৰীয়াৰ সুঁতিৰপাৰত শোকাৱহ ঘটনা । খেলি থকা অৱস্থাতে জুৰীয়াত বিশাল পুখুৰী এটাত পৰি চাৰি নাবালিকাৰ সলিল সমাধি ঘটে ৷ সলিল সমাধি ঘটা চাৰি নাবালিকা ক্ৰমে ৰহিমা খাতুন (১২),নুৰনেছা (১৫)আৰছিনা খাতুন আৰু (১০)ইমৰানা খাতুন (৬) । আনহাতে সৌভাগ্য ক্ৰমে ছুমায়া খাতুন নামৰ আন এগৰাকী নাবালিকাৰ কোনো মতে প্ৰাণ ৰক্ষা পৰে। স্থানীয় লোকে প্ৰত্যক্ষ চাৰি নাবালিকাক উদ্ধাৰ কৰে যদিও প্ৰাণ বচাবলৈ সক্ষম নহয়।

ৰাইজৰ অভিযোগ অনুসৰি বাপ্পী মণ্ডল নামৰ মৎস্য ব্যৱসায়ী জনৰ বিশাল পুখুৰীটোত কোনো ধৰণৰ বেৰ নথকাৰ বাবেই সংঘটিত হৈছে এই ঘটনা। সম্প্ৰতি ঘটনাস্থলীত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। জুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version