PURE WATER : বিশুদ্ধ খোৱা পানীয়ে আপোনাৰ ওজন কেনেদৰে হ্ৰাস কৰিব ? জানক আৰু পঢ়ক

WhatsApp Image 2022 09 23 at 15.13.55

PURE WATER : বৰ্তমান মানুহৰ এটা প্ৰধান সমস্যা হৈছে বৰ্ধিত হাৰত ওজন বৃদ্ধি পোৱা । বিভিন্ন ডায়েটিছিয়ানে এই সমস্যাক লৈ না-না পৰামৰ্শ আগবঢ়োৱা দেখা যায় । কোনোৱে যদি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আগবঢ়াইছে আকৌ কোনোৱে শাৰীৰিক অনুশীলনৰ পৰামৰ্শ আগবঢ়াইছে । এই সকলো কৰিলে শৰীৰৰ ওজন কমাতো সঠিক হয় যদিও সম্প্ৰতি এদল গৱেষকে বিশুদ্ধ খোৱা পানী সেৱন কৰিলে শৰীৰৰ ওজন হ্ৰাস পাই বুলি দাবী কৰিছে ।

এই ৱাটাৰ ফাষ্টিং কেনেদৰে কৰিলে ওজন হ্ৰাস পাব ? আৰু এই ওজন হ্ৰাস হ’বলৈ কিমান দিন লাগিব ?
প্ৰথমতে আমি জানিব লাগিব যে এই ৱাটাৰ ফাষ্টিং কি ?

এই ৱাটাৰ ফাষ্টিং হৈছে বিশুদ্ধ পানী সেৱন কৰা । কিন্তু ইয়াত কোনো অনিয়ম হ’লে হিতে বিপৰীত হোৱাৰহে ভয় থাকে । পুষ্টি বিশেষজ্ঞ নেহা পাতিদিয়া আৰু নূপুৰ আৰোৰাৰ মতে , ৱাটাৰ ফাষ্টিঙৰ নিয়ম কঠোৰভাৱে মানি নচলিলে শৰীৰৰ অনিষ্ট হোৱাৰ বেছি সম্ভৱনা থাকে বুলি উল্লেখ কৰিছে । ২৪ ঘণ্টাৰ পৰা ৭৮ ঘণ্টা পৰ্যন্ত এই ৱাটাৰ ফাষ্টিং কৰা হয় যদিও ইয়াতকৈ বেছি সময় এই ফাষ্টিং কৰা উচিত নহয় । বিগত বছৰত ইউ এছৰ নেশ্যনেল লাইব্ৰেৰি অৱ মেডিচিনৰ ফালৰ পৰা এটা সমীক্ষা চলোৱা হৈছিল । সেই সমীক্ষাত ১২ জন মধ্য বয়সীয়া পুৰুষক ৪ দিন ধৰি বিশুদ্ধ পানী খাবলৈ দিয়া হৈছিল আৰু সৰহ সংখ্যক মানুহৰ মানসিক চাপ বৃদ্ধি হোৱাৰ লগতে বৰ্ধিত চৰ্বি হ্ৰাস পোৱা দেখা গৈছিল ।

উল্লেখযোগ্য যে, চৰ্বি হ্ৰাস পোৱাৰ সমান্তৰালকৈ ডিহাইড্ৰেশ্যন, হাইপাৰবিছেমিয়া ,চিৰাম গ্লু’কজৰ ঘনত্ব হ্ৰাসৰ দৰে সমস্যাই দেখা দিছিল । তেনেক্ষেত্ৰত চিকিৎসকে অনুমান কৰিলে যে , দীৰ্ঘ দিন ধৰি এই ফাষ্টিং কৰিলে মানুহৰ শৰীৰত বেয়া প্ৰভাৱ পৰাটো একপ্ৰকাৰ নিশ্চিত ।

এই ফাষ্টিং কৰিলে শৰীৰৰ ওজন নিশ্চিতভাৱে হ্ৰাস পাব যদিও ডায়েবেটিছত আক্ৰান্ত ,গৰ্ভৱতী মহিলা আৰু শিশু সকলে এই ফাষ্টিং চেষ্টা নকৰাই ভাল ।
পুষ্টিবিদ নেহা পাতিদিয়া আৰু নূপুৰ আৰোৰাই কয় যে , বহুতে ওজন হ্ৰাস কৰিবলৈ কেৱল বিশুদ্ধ খোৱা পানী সেৱন কৰি থাকে । যি আপোনাক দৈনিক ১ কেজি ওজন হ্ৰাস কৰিব । এই সময়ছোৱাত অৱশ্যে অন্য কোনো আহাৰ গ্ৰহণ কৰা অনুচিত ।

Exit mobile version