RAJU SRIVASTAV : মৃত্যু শৰ্য্যাত থকা সময়ত ‘ দ্য়া কিং অৱ কমেডি ‘ খ্যাত ৰাজু শ্ৰী বাস্তৱলৈ মেগাষ্টাৰ অমিতাভ বচ্চনে কি ভইচ বাৰ্তা পঠাইছিল ?

WhatsApp Image 2022 09 24 at 14.46.12

RAJU SRIVASTAV : দিল্লীৰ এইমছ হাস্পাতালত মৃত্যু শৰ্য্যাত থকাৰ সময়ত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱলৈ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে দিয়া এটা ভইচ মেচেজে দেশজুৰি চৰ্চা লাভ কৰিছে ।  সমগ্ৰ দেশৰ লগতে বলীউডত শোকৰ ছাঁ পেলাই ‘কি অৱ কমেডি’ খ্যাত ৰাজু শ্ৰীবাস্তৱে এই জীৱনৰ পৰা মেলানি মাগিছিল । এই বিখ্যাত কৌতুক অভিনেতা গৰাকীয়ে বলীউডৰ বহু দ্বিগজ অভিনেতাৰ মিমিগিৰি কৰি সমগ্ৰ দেশতে হাঁহিৰ খোৰাক যোগাইছিল ।

মেগাষ্টাৰ অমিতাভ বচ্চনৰ মিমিগিৰি কৰা প্ৰয়াত অভিনেতাজনৰ সেই দুৰ্দান্ত অভিনয় আজিও সকলোৰে মনত সজীৱ হৈ আছে । আগষ্ট মাহৰ ১০ তাৰিখে হঠাৎ এই কমেডিয়ান গৰাকী পুৱা শাৰীৰিক ব্যায়াম কৰি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰিছিল । এই যে ঢলি পৰিল আৰু উভতি নহা বাটেৰে গুচি গ’ল প্ৰসিদ্ধ অভিনেতা গৰাকী । সুদীৰ্ঘ ডেৰ মাহ ধৰি দিল্লীৰ এইমছ হাস্পাতালত মৃত্যুৰ সৈতে যুঁজ দি আই চি ইউত ভৰ্তি হৈ থকা অভিনেতা গৰাকীৰ কাৰণে দেশৰ সকলো গুণমুগ্ধই প্ৰাৰ্থনা কৰিছিল যে পুনৰ অভিনেতা গৰাকী বলীউডলৈ ঘূৰি আহক ।

উল্লেখযোগ্য যে , বিগ বি অমিতাভ বচ্চনেই মৃত্যুশৰ্য্যাত থকা সময়ত অভিনেতা জনক জগাই তুলিবলৈ এটা ভইচ মেচেজ পঠাইছিল । এই কথা অভিনেতা জনৰ মৃত্যুৰ পিছত বিগ বিয়ে নিজৰ ব্লগত উল্লেখ কৰি প্ৰয়াত অভিনেতা জনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাজু শ্ৰী বাস্তৱ বিগ বিৰ এজন ডাঙৰ ফেন আছিল । যাৰবাবে তেওঁ হয়তো বিগ বিৰ মিমিগিৰি কৰি সৰ্বাধিক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি দুয়োজনৰ অন্য এটা বান্ধোনো আছিল । দুয়োজন অভিনেতাই মূলতে উত্তৰ প্ৰদেশৰ আছিল আৰু বিগ বি পৰিয়ালো পূৰ্বতে শ্ৰীবাস্তৱ পৰিয়ালক প্ৰতিনিধিত্ব কৰিছিল ।

নিজৰ ব্লগত বিগ বিয়ে উল্লেখ কৰিছে যে, যেতিয়া তেওঁ এইমছৰ আই চি ইউত শৰ্য্যাগত হৈ আছিল মই তেওঁক জগাবলৈ এটা ভইচ মেচেজ পঠাইছিলো । মই ভাবিছিলো মোৰ মেচেজটো শুনি তেওঁ সাৰ পাই উঠিব । অৱশ্যে বচ্চনে অভিনেতাজনৰ নামটো উল্লেখ নকৰাকৈয়ে অভিনেতাজনৰ প্ৰতি এই সহমৰ্মিতা প্ৰকাশ কৰিছিল । যেতিয়া এইমছৰ চিকিৎসক সকল প্ৰসিদ্ধ কমেডিয়ান গৰাকীক পুনৰ জীৱনলৈ ঘূৰাই আনিবলৈ আপ্ৰাণ চেষ্টা কৰি আছিল ,সেই সময়তে বিগ বিয়ে জনপ্ৰিয় ছবি , ‘’ আনন্দ’’ত বলীউডৰ প্ৰথমজন চুপাৰষ্টাৰ ৰাজেশ খান্নাই কৰাৰ দৰে কমেডি কিং ৰাজুক জগাই তুলিবলৈ এই মেচেজ প্ৰেৰণ কৰিছিল । বিগ বিৰ কণ্ঠ শুনি যাতে কমেডিয়ান গৰাকী পুনৰ চকু মেলি চায় ।

কেৱল ভইচ মেচেজ দিয়াই নহয় , বিগ বিয়ে এই বুলিও উল্লেখ কৰে যে , সময় উপযোগী ৰাজুৰ অভিনয় সদায় মোৰ লগত থাকিব । তেওঁ আছিল অতুলনীয় । এতিয়া তেওঁ স্বৰ্গত ভগৱানৰ লগত থাকি হাঁহিৰ খোৰাক যোগাই আছে । একেদৰে বিগত দিনত ৰাজু শ্ৰীবাস্তৱেও এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে , মই মেগাষ্টাৰ অমিতাভ বচ্চনৰ ‘দীৱাৰ’ ছবিখন চাইয়েই অভিনেতাজনৰ জীৱনজোৰা বন্ধু হৈ পৰিছিলো । তেতিয়াৰ পৰাই মই তেওঁৰ প’ষ্টাৰ মোৰ ঘৰৰ বেৰত আঁৰি থৈছিলো আৰু তেওঁৰ চুলিৰ ষ্টাইল অনুকৰণ কৰিছিলো ।

এই প্ৰসিদ্ধ অভিনেতাজনক ১০ আগষ্টৰ দিনা দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্স চমুকৈ এইমছত ভৰ্তি কৰোৱা হৈছিল । সেইদিন ধৰি ক’মা অৱস্থাত থকা অভিনেতা গৰাকী ২১ ছেপ্টেম্বৰৰ দিনা সকলো গুণমুগ্ধক কন্দুৱাই জীৱন নাটৰ সামৰণি মাৰে ।

Exit mobile version