টীয়কত সোপাধৰাৰ আতংক : কোনোমতে প্ৰাণ ৰক্ষা ন জনকৈ ব্যৱসায়ীৰ

ৰাজ্যজুৰি বৰ্তমানেও মাৰ যোৱা নাই সোপাধৰাৰ আতংক । সোপাধৰাক কেন্দ্ৰ কৰি আজি পুৱা পুনৰ টীয়কত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় । টীয়কৰ উমাবাৰী চাহ বাগিছাৰ খেৰনী অঞ্চলত টীয়কৰ কাকজান মৰিয়াগাঁৱৰ কেইবাজনো ফেৰীৱালাক স্থানীয় একাংশ লোকে হাৰাশাস্তি কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

আজি পুৱা সেই অঞ্চলত ব্যৱসায়ীক উদ্দেশ্যে ক্ষুদ্ৰ ব্যৱসায়ী কেইজনে প্ৰৱেশ কৰাত একাংশ উত্তেজিত ৰাইজে আগভেটি ধৰি সোধাপোচা কৰাৰ পিছত সোপাধৰাৰ সন্দেহত তেওঁলোকৰ পৰিচয় পত্ৰ বিচাৰে । উল্লেখযোগ্য যে পৰিচয় পত্ৰ দেখুৱাৰ পিছতো উত্তেজিত ৰাইজে যুৱক কেইজনক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ।

নিজকে গাঁওৰক্ষী বুলি পৰিচয় দিয়া উত্তেজিত ৰাইজে যুৱক কেইজনৰ পৰিচয় পত্ৰ কেইখনো ফালি-চিৰি নষ্ট কৰি মাৰিবলৈ উদ্যত হয় । প্ৰাণৰ মমতাত কোনোমতে পলাই আহি যুৱক কেইজনে টীয়ক আৰক্ষী থানাত উপস্থিত হয় ।

ইতিমধ্যে যুৱক কেইজনে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰি সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ।

এতিয়া প্ৰশ্ন উঠিছে একাংশ অসমীয়া যুৱকে ক্ষুদ্ৰ ব্যৱসায় কৰি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা সময়ত সোপাধৰাৰ দৰে ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ একাংশ উত্তেজিত লোকে সমাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাতো কিমান যুক্তিসংগত হৈছে ! যিটো সময়ত অসম আৰক্ষীৰ ফালৰ পৰাও এই ভ্ৰান্ত ধাৰণা বৰ্জন কৰাৰ বাৰম্বাৰ আহ্বান জনাই আহিছে ।

তৎস্বতেও বিভিন্ন সময়ত একাংশ লোকে এনে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰি সমাজত বিৰোপ প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰাৰ লগতে আইন হাতত তুলি লোৱাটো কিমানদূৰ যুক্তিসংগত ,সেইলৈ সচেতন মহল উদ্বিগ্ন হোৱা দেখা গৈছে ।

Exit mobile version