মহালয়াৰ পৰা চাৰি ৰাশিৰ জাতক-জাতিকাৰ ভাল সময় আৰম্ভ হ’ব 

দেৱী মাৰ অপাৰ কৃপাত মুকলি হ’ব ভাগ্য, ধন-সম্পত্তি আগমনৰ যুগ 

horoscope 1579370040 1631469741 1

আজি মহালয়া । জন বিশ্বাস অনুসৰি পৃথিৱীলৈ আজি মা দেৱী দুৰ্গাৰ আগমন হৈছে । আজিৰ দিনটো জ্যোতিষশাস্ত্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । জ্যোতিষশাস্ত্ৰ অনুসৰি , আজিৰ পৰা চাৰি ৰাশিৰ জাতক-জাতিকাৰ ভাল দিন আৰম্ভ হ’ব । অৰ্থৎ দেৱী মাৰ কৃপা দৃষ্টি পৰা এই চাৰি ৰাশি হৈছে —–

১ / মিথুন ৰাশি : আজিৰ পৰাই দেৱী মাৰ কৃপা পৰা এটা ৰাশি হৈছে মিথুন ৰাশি । এই ৰাশিয়ে লাভ কৰিব অপাৰ সাফল্য । কৰ্ম ক্ষেত্ৰতো সাফল্যৰ সন্মুখীন হ’ব এই ৰাশিৰ জাতক-জাতিকা । আৰ্থিক অৱস্থাও খুউৱ ভাল হ’ব । বন্ধুৰ সহযোগিতাই উৎসাহিত কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠানত অংশ লোৱাৰ সুযোগ লাভ কৰিব । ধৰ্মৰ প্ৰতি শ্ৰদ্ধা বাঢ়িব । দাম্পত্য জীৱন সুখৰ হ’ব ।

২/ সিংহ ৰাশি : মহালয়াৰ লগে লগেই সিংহ ৰাশিৰ ভাল দিন আৰম্ভ হ’ব । ব্যৱসায়ৰ লগতে চাকৰি কৰা জাতক-জাতিকাই শুভ ফল লাভ কৰিব । কৰ্মক্ষেত্ৰত প্ৰশংসিত হ’ব । জীৱনসংগী বা প্ৰেমিক-প্ৰেমিকাই একেলগে সময় পাৰ কৰাৰ সুবিধা লাভ কৰিব ।

৩/ তুলা ৰাশি : দেৱী মাৰ কৃপাত তুলা ৰাশিৰ জাতক-জাতিকাৰ আত্মবিশ্বাস বাঢ়িব । চাকৰি অথবা ব্যৱসায়ত প্ৰচুৰ লাভ হোৱাৰ সম্ভাৱনা আছে । ইয়াৰলগতে যি কামতেই হাত দিব, প্ৰশংসিত হ’ব । বিগত সময়ৰ পৰা চলি থকা আৰ্থিক সমস্যা দূৰ হ’ব । হাতলৈ ধনৰ আগমন হ’ব । জীৱনসংগীৰ লগতো সু-সম্পৰ্ক বৃদ্ধি হ’ব ।

৪/ বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ মহালয়াৰ পৰা ভাল সময় আৰম্ভ হ’ব । চাকৰি অথবা ব্যৱসায়ত জড়িত ব্যক্তিৰ বাবে আটাইতকৈ উৎকৃষ্ট সময় । আৰ্থিক অৱস্থা স্বচ্ছল হোৱাৰ লগতে কোনো ব্যৱসায়ত বিনিয়োগ কৰিলে লাভৱান হ’ব । পৰিয়ালৰ লগত সময় কটোৱাৰ সুবিধা পাব । বিবাহিত জীৱন সুখকৰ হ’ব ।

আজিৰ পৰা দেৱীপক্ষ আৰম্ভ হ’ল ।অৰ্থাৎ শাৰদীয় পূজাৰ মাহ । এক অক্টোবৰত পৰিছে ষষ্ঠী । দুই অক্টোবৰত হ’ব সপ্তমী । একেদৰে তিনি অক্টোবৰত অষ্টমী আৰু চাৰি অক্টোবৰত পৰিছে নৱমী । দশমী পৰিছে পাঁচ অক্টোবৰত । আগন্তুক লক্ষ্মী পূজা পৰিব ন অক্টোবৰত ।

Exit mobile version