হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিবেকানন্দ তালুকদাৰৰ পৰলোকপ্ৰাপ্তি

হাউলীত শোকৰ ছাঁ, দুঘণ্টীয়া বন্ধ পালন

WhatsApp Image 2022 09 25 at 18.39.52

অসম আন্দোলনৰ কৰ্মী, বিশিষ্ট সমাজকৰ্মী তথা হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিবেকানন্দ তালুকদাৰৰ যোৱা নিশা প্ৰায় ১.৩০ বজাত গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত পৰলোক প্ৰাপ্তি ঘটে । তেওঁ যোৱা ২৩ ছেপ্তেম্বৰৰ পুৱা উচ্চৰক্তচাপজনিত কাৰণত মূৰঘূৰাই বিদ্যালয়তে পিছলি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । তাৰ পাছত তেওঁক বৰপেটা চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰে ।

গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰি চিকিৎসালয়ত চিকিৎসা চলাই আছিল যদিও যোৱা নিশা শেষ নিশ্বাষ ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ । বিশিষ্ট সমাজসেৱক হিচাপে হাউলী অঞ্চলত সকলোৰে পৰিচিত আছিল প্ৰয়াত তালুকদাৰ ।

১৯৬৩ৰ ২২ জানুৱাৰীত জন্মগ্ৰহণ কৰা প্ৰয়াত তালুকদাৰে প্ৰাথমিক শিক্ষা সমাপ্ত কৰি হাউলী হাইস্কুলৰ পৰা ১৯৭৯ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিজ্ঞানৰ শাখাত পি ইউ পাছ কৰি কাৰিকৰি শিক্ষাৰ বাবে দিল্লীলৈ গৈছিল । প্ৰয়াত তালুকদাৰে হিন্দী পৰীক্ষাত সফলতাৰে বিশাৰদ ডিগ্ৰী লাভ কৰাৰ বাবে ১৯৯৪ৰ ২১ মাৰ্চত হাউলীৰ আদৰ্শ বিদ্যাপীঠ হাইস্কুলত হিন্দী শিক্ষক হিচাপে নিযুক্তি লাভ কৰে ।

এনেদৰেই শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে লগতে স্নাতক পাঠ্যক্ৰমত কালা শাখাত নাম ভৰ্তিও কৰিছিল । এনেদৰেই শিক্ষকতা কৰি ২০২৩ৰ জানুৱাৰীত শিক্ষকতাৰ জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগা শিক্ষক বিবেকানন্দ তালুকদাৰ অকাল বিয়োগ শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ হাউলী অঞ্চল ।

সম্প্ৰতি প্ৰয়াত বিবেকানন্দ তালুকদাৰে বিদ্যালয়ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰূপে কৰ্মৰত আছিল । তদুপৰি ২০২৩ৰ জানুৱাৰীত অনুষ্ঠিত হ’বলগা বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ প্ৰধান সম্পাদক আছিল । শিক্ষাৰ বিভিন্ন ক্ষেত্ৰৰ উপৰিও তেওঁ সাংস্কৃতিক আৰু ক্ৰীড়া লগত জড়িত হৈ আছিল । বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰত হাউলীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল ।

তেওঁৰ তৎপৰতাত হাউলীত ‘অনুৰাগ’ নামৰ এক সাংস্কৃতিক অনুষ্ঠানৰ জন্ম লাভ কৰিছিল । অনুৰাগ নামৰ অনুষ্ঠানটোৰ প্ৰয়াত তালুকদাৰে মৃত্যুৰ আগমূহূৰ্তলৈকে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ উপৰিও তেওঁ মৈৰামাৰা নমাটি সত্ৰ পৰিচালনা সমিতিৰ সম্পাদকৰ লগতে হাউলী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আহিছিল ।

সামাজিক ব্যক্তি প্ৰয়াত তালুকদাৰে মেট্ৰিক পাছ কৰাৰ পাছতে ছয় বছৰীয়া অসম আন্দোলনত ছাত্ৰ সন্থাৰ লগত সক্ৰীয়ভাৱে জড়িত আছিল । শিক্ষকতাৰ বাহিৰেও তেওঁ বাণিজ্যৰ দিশতো অগ্ৰগতি লাভ কৰিছিল । তেওঁ ৮০ৰ দশকতে তালুকদাৰ প্ৰিন্টাৰ নামৰ এটা ছপাশাল খুলি অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন কিতাপ, কাগজ-পত্ৰ ছপা কৰি উলিয়াইছিল । যাৰ জৰিয়তেই এই ছপাশালটোৱে এটা সুনাম অৰ্জন কৰি আহিছে ।

ইয়াৰ উপৰি তেওঁ হাউলী ৰাস মহোৎসৱ উদযাপন সমিতি, সদৌ হাউলী ৰঙালী বিহু উদযাপন সমিতি, হাউলী ক্লাৱৰ লগতে অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল । তেওঁ মৃত্যুৰ সময়ত পত্নীসহ, এগৰাকী পুত্ৰ, এক কন্যাৰ লগতে দুই জ্যেষ্ঠ ভাতৃ, ভগ্নীসহ বহুতো গুণমুগ্ধক ইহ্ সংসাৰত এৰি থৈ যায় ।

আজি পুৱা প্ৰয়াত তালুকদাৰৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ পাছতে অজস্ৰ গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰাৰ পাছতে তেওঁৰ নশ্বৰ দেহ মৈৰামাৰা চতুৰ্ভূজ নমাটি সত্ৰ, হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিয়া হয় । ইয়াৰ পাছতে হাউলী চাৰিআলিত বৰপেটা জিলা আৰু হাউলীৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।

হাউলী চাৰিআলিৰ পাছতে অসংখ্য গুণমুগ্ধই নিজৰ ব্যৱসায় প্ৰতিষ্ঠান তালুকদাৰ প্ৰিন্টাৰ, হাউলী ৰাস মন্দিৰ আৰু শেষত নিজ কৰ্মৰত বিদ্যালয়ত সকলোৱে শেষ শ্ৰদ্ধা জনায় । পাছত অজস্ৰ গুণমুগ্ধৰ উপস্থিতত হাউলী ৰাজহুৱা শ্মশানত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰে ।

তেওঁৰ মৃত্যুত প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, অসম বিধান সভাৰ প্ৰধান সচিব হেমেন দাস, বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত ক্ৰমে থানেশ্বৰ মালাকাৰ, তেজ প্ৰসাদ ভূষাল, অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, হাউলী পৌৰসভাৰ পৌৰপতি অঞ্জলী দাস চৌধুৰী, বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিপা কলিতা, হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰা, হাউলী সাংবাদিক সন্থাৰ হৈ দিদাৰ হুছেইন, কৌশিক কমল দাস, নিতুমনি দাস, নয়নমণি ওজা, প্ৰসন্ন শৰ্মা, আলম ছৰোৱাৰ, শ্বফিকুল, আনিছুজ জামান, জাহিৰ আব্বাছৰ লগতে বৃহত্তৰ হাউলী উন্নয়ন পৰিষদ সম্পাদক ধৰণীধৰ দাসকে ধৰি, হাউলী ক্ৰীড়া সন্থা, হাউলী আঞ্চলিক ছাত্ৰ সন্থা, নাট্য সন্মিলন, খাটালপাৰা জনকল‍্যাণ পুথিভঁৰাল, অসম জাতীয় পৰিষদ হাউলী, হাউলী নগৰ অগপ, হাউলী মণ্ডল বিজেপিৰ লগতে হাউলীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ।

তেওঁৰ আত্মাৰ সদগতি কামনা কৰি আজি পুৱা ১০ বজাৰ পৰা ১২ বজালৈ হাউলীত বন্ধ পালন কৰে ।

Exit mobile version