লায়লাপুৰ আৰক্ষীৰ দৈনিক তালাচীত ১২ বস্তা বার্মিজ ছুপাৰি উদ্ধাৰ, আটক দুই

লায়লাপুৰ আৰক্ষীৰ দৈনিক তালাচীত ভাইৰেংটিৰ পৰা অহা এখন লৰিত তালাচী চলাই ১২ বস্তা বার্মিজ ছুপাৰি উদ্ধাৰ কৰে ।

দেওবাৰে সন্ধিয়া এনএল ০১ এডি ৬৭৬৪ নম্বৰৰ লৰিৰ পৰা উদ্ধাৰ কৰা হয় । গাড়ীৰ চালক আব্দুল হাকিম আৰু খালাচি আবুল হোছেইনক আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰিছে । দুয়োজনেই কচাৰৰ লক্ষ্মীপুৰ বিধানসভাৰ চক্র বাছকান্দি আৰু শিংগিৰ বন অঞ্চলৰ বাসিন্দা । চালক আৰু খালাচিক সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

এক বিশেষ সূত্রে জানিব পৰা গৈছে মিজোৰামত আৰু বহু বার্মিজ ছুপাৰিৰ গাড়ী ৰখি আছে ।

Exit mobile version