BILL GATES : ২০৩০ চনৰ ভিতৰত স্মৃতি হৈ পৰিব স্মাৰ্ট ফোন

মানুহৰ শৰীৰৰ লগত সংযোগ হ’ব মোবাইল সেৱা , বিল গেটছে কৰিছে এই ভৱিষ্যত বাণী

WhatsApp Image 2022 09 26 at 20.02.57

BILL GATES : এক মিনিটৰ বাবেও মোবাইল ফোনৰ আতৰি যাব নোৱাৰা আধুনিক মানৱ সমাজৰ বাবে আহিছে এটা আচৰিত খবৰ । বিশ্বৰ ধনী ব্যক্তিৰ অন্যতম বিল গেটছে কৰিছে এই ভৱিষ্যত বাণী । ২০৩০ চনৰ মাজ ভাগত আমাৰ মাজৰ পৰা মোবাইল ফোনে বিদায় ল’ব । মানুহৰ জীৱনৰ এক অপৰিহাৰ্য সামগ্ৰী হৈছে মোবাইল ফোন । জীৱনৰ সামাজিক,অৰ্থনৈতিক সকলো তথ্য এই মোবাইল ফোনতে আৱদ্ধ হৈ থাকে।

প্ৰতিটো ম’বাইল ফোনৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য থাকে । মোবাইল কোম্পানী সমূহেও মোবাইল সমূহ এনেধৰণে নিৰ্মাণ কৰে যে, প্ৰতিটোৰে এটা নতুন নতুন বৈশিষ্ট্য প্ৰদান কৰে । যাতে গ্ৰাহক সকল সহজে আকৰ্ষিত হয় । বিশ্ব বজাৰত মোবাইল ইমান চাহিদা থকাৰ সময়তো বিল গেটছে ভৱিষ্যতে এই মোবাইল ফোন হেৰাই যাব বুলি দাবী কৰিছে ।
কথাটো অৱিশ্বাস্য বা হাস্যকৰ লগাটো স্বাভাৱিক যদিও মাইক্ৰছফটৱেৰৰ প্ৰতিষ্ঠাতা গেটছে এনে কিছুমান তথ্য প্ৰকাশ কৰিছে যি এই মোবাইল ফোনৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশলৈ লৈ গৈছে ।

আজিকালি আধুনিক প্ৰযুক্তি দ্ৰুত গতিত আগবাঢ়িছে । এই অৱস্থাত মাইক্ৰছফটৰ প্ৰতিষ্ঠাতা গৰাকীয়ে দাবী কৰিছে যে , আগন্তুক সময়ত ইলেকট্ৰনিক স্মাৰ্ট ফোনৰ ঠাইত ইলেকট্ৰনিক ট্য়াটু স্মাৰ্ট ফোনে বজাৰ দখল কৰিব । এই ইলেকট্ৰনিক ট্যাটু ফোনৰ CHAOTIC MOON নামেৰে এটা সংস্থাই নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে । ইয়াক এক ধৰণৰ জৈৱ প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিব ।

যাৰবাবে মানৱদেহৰ সম্পৰ্কিত তথ্য সংগ্ৰহ কৰা হৈছে । ইতিমধ্যে সংস্থাটোৱে না-না ধৰণৰ পৰীক্ষা সম্পন্ন কৰিছে। যি ভৱিষ্যতে স্মাৰ্ট ফোনৰ ঠাই ল’ব । ইফালে ন’কিয়া কোম্পানীৰ চিইঅ’ পেক্কা লুণ্ডমাৰ্কেও স্মাৰ্ট ফোন অদৃশ্য হোৱাৰ কথা উল্লেখ কৰিছে । চিইঅ’ গৰাকীৰ মতে , ৬ জি প্ৰযুক্তি ২০৩০ চনত আৰম্ভ হ’ব আৰু সেইসময়ত বৰ্তমানৰ স্মাৰ্ট ফোন এক সাধাৰণ ফোন হৈ পৰিব । তেওঁ উল্লেখ কৰে যে , ২০৩০ চনৰ মধ্যভাগত মোৱাইল ফোনৰ ঠাই স্মাৰ্ট চশমা বা অন্য কোনো পণ্য ব্যৱহাৰ কৰা হ’ব । যি আমাৰ শৰীৰৰ লগত সংযোগ হৈ থাকিব । বিশেষজ্ঞৰ মতে , এই আৱিষ্কাৰে আমাৰ জীৱনক সম্পূৰ্ণৰূপে সলনি কৰি পেলাব ।

Exit mobile version