HIMACHAL PRADESH ACCIDENT : হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ৭ জনৰ মৃত্যু

৭ জনৰ মৃত্যু

WhatsApp Image 2022 09 26 at 18.16.32

HIMACHAL PRADESH ACCIDENT : হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ বঞ্জাৰ ঘিয়াগীত সংঘটিত হৈছে ভয়ানক দুৰ্ঘটনাৰ ঘটনা । দেওবাৰে পৰ্যটক কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটৈত দুগৰাকী যুৱতীসহ সাত জনকৈ পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে দহ জন লোক আহত হয়। জানিব পৰা মতে দেওবাৰে ১৭ জন পৰ্যটক কঢ়িয়াই নিয়া জালোদী জোটৰ পৰা জিবি অভিমুখে গৈ থকা ইউ পি ১৪ এইচ টি ৮২৭২ নম্বৰৰ ট্ৰেভেলাৰ খন জালোদীৰ সমীপত নিশা প্ৰায় ৮.৩০ বজাত নিয়ন্ত্ৰণ হেৰুৱাই ৪০০ মিটাৰ দ খাৱৈত বাগৰি পৰে ।

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত বঞ্জাৰ আৰক্ষীৰ দল আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই দুগৰাকী যুৱতীসহ ৭ জন পৰ্যটকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ১০ জনক জীৱন্তে উদ্ধাৰ কৰে । দুৰ্ঘটনাত নিহত হোৱা লোক সকল হৈছে ক্ৰমে, ঋষভ ৰাজ ,অংকীতা জৈন, প্ৰিয়ঙ্কা গুপ্তা, সৌৰভ ,কিৰণ, আদিত্য আৰু অনামান্য বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীৰ সূত্ৰে প্ৰকাশ যে, এই নিহত লোক সকল ৰাজস্থান, উত্তৰ প্ৰদেশ , মধ্য প্ৰদেশ আৰু হাৰিয়ানাৰ আছিল । ইফালে আৰক্ষীয়ে অনুসন্ধান কৰি কয় যে, এই দুৰ্ঘটনা মূলতে প্ৰতিকূল বতৰৰ অন্ধকাৰ হৈ পৰা পৰিবেশৰ বাবে সংঘটিত হয় ।

Exit mobile version