JORABAT FIRE : মহানগৰীৰ আমছাং অভয়াৰণ্য সমীপত ভয়াৱহ অগ্নিকাণ্ড

WhatsApp Image 2022 09 26 at 1.12.31 PM

JORABAT FIRE : মহানগৰীৰ উপকন্ঠ আমছাং অভয়াৰণ্যৰ সমীপৰ যোৰবাটত ভয়াৱহ অগ্নিকাণ্ড ৷ অভয়াৰণ্য খনৰ পৰা মাত্ৰ পাঁচশ মিটাৰ নিলগত থকা ৰবৰ প্ৰস্তুতকৰণ কাৰখানা এটাত পুৱা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ দপদপকৈ জ্বলি উঠা কাৰখানাটোৰ ক’লা ধোৱাই চানি ধৰে আমছাং অভয়াৰণ্য আৰু সমগ্ৰ অঞ্চলটো ৷ প্ৰায় এঘন্টা ধৰি অব্যাহত থকা অগ্নিকাণ্ড পিছত গুৱাহাটীৰ পৰা যোৱা কেইবাখনো অগ্নিনিৰ্বাপন বাহিনীৰ গাড়ী উপস্থিত হৈ বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৰবৰ কাৰখানাটো ৷

উল্লেখ্য জৈৱ-বৈচিত্ৰৰে ভৰপুৰ আমছাং অভয়াৰণ্যৰ দাতিঁত দিছপুৰৰ পৰোক্ষ আৰ্শীবাদত গঢ় লৈ উঠা বিভিন্ন কল কাৰখানাৰ দুষিত দ্ৰব্য আৰু ধোৱা অভয়াৰণ্য খনলৈ কঢ়িয়াই আনিছে ভাবুকি ৷ স্থানীয় বিভিন্ন অনুষ্ঠান আৰু ৰাইজে বাৰম্বাৰ প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদ আৰু সংশ্লিষ্ট কতৃৰ্পক্ষক দাবী জনাই আহিছে যদিও লোৱা নাই কোনো সময়োচিত পদক্ষেপ ৷

Exit mobile version