SILCHAR : শিলচৰত শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগু

WhatsApp Image 2022 09 26 at 21.46.23

STATE : ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু মঙলবাৰে বৰাক উপত্যকাৰ তিনিদিনীয়া ভ্ৰমণৰ সৈতে শিলচৰত উপস্থিত হ’ব ৷ শিক্ষা মন্ত্ৰী গৰাকীয়ে দুপৰীয়া বিমানেৰে শিলচৰত উপস্থিত হ’ব আৰু প্ৰথমে বিজেপিৰ জিলা সমিতিৰ এখন দলীয় সভাত অংশ গ্ৰহণ কৰিব ৷

নিশাটো শিলচৰত থাকি পিছদিনা ৰাতিপুৱাই পুনৰ দলীয় সভাত অংশ ল’বলৈ কৰিমগঞ্জলৈ যাব আৰু আবেলি ৩ বজাত উভতি আহিব পুনৰ শিলচৰলৈ৷ তাৰ পিছতে শিলচৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বন অধিকাৰ আইন সন্দৰ্ভত এখন আলোচনা সভাত অংশ ল’ব ৷ একেদিনাই বিমানেৰে গুৱাহাটীলৈ উৰা মাৰিব।

Exit mobile version