ৰঞ্জন দৈমাৰীৰ ৰায়দান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ

বিটিআৰ প্ৰধান প্ৰমোদ বড়ো , গোবিন্দ বসুমতাৰী আৰু ৰঞ্জিত বসুমতাৰীৰ

৩০ অক্টোৱৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ বিহা ঘটনাই বিটিআৰত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

বিটিআৰ প্ৰধান প্ৰমোদ বড়োই আজি সংবাদমহলৰ আগত ৰঞ্জন দৈমাৰীৰ ৰায়দানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, আমি আশা কৰিছিলো এটা যোগাত্মক খবৰ আহিব ৷ যিহেতু শান্তি প্ৰক্ৰিয়াৰে জড়িত হৈছিল ৰঞ্জন দৈমাৰী ৷ এইক্ষেত্ৰত আদালতৰ শাস্তিৰ ৰায়ক লৈ অসম চৰকাৰৰ স’তে কথা পাতিম । আমি বিচাৰো ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তলত আহক আৰু সমাজৰ লগত থাকি কাম কৰক ৷ ইয়াৰ বাবে শান্তি চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তলত অনাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ স’তে আলোচনা কৰিব বুলিও উল্লেখ কৰে প্ৰমোদ বড়োৱে ।

লগতে তেওঁ কয় যে, আদালত বেলেগ বিষয় ৷ শান্তি প্ৰক্ৰিয়া বেলেগ বিষয় ৷ গতিকে ন্যায়পালিকাই ন্যায়পালিকাৰ কাম কৰি যাব আৰু আমি চৰকাৰৰ সতে বহি আইনী প্ৰক্ৰিয়াৰ সমাধান কেনেকৈ কৰা যায় তাৰ বাবে কাম কৰিম ৷

একেদৰে এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক যাৱজীৱন কাৰাদণ্ড বিহাক লৈ প্ৰাক্তন এনডিএফবিৰ ( প্ৰ )ৰ সভাপতি তথা বিটিআৰ উপ-মুখ্য কাৰ্যৱাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে আশা কৰা ধৰণে ৰায় নহ’ল উল্লেখ কৰে ৷ তথাপিও ৰঞ্জন দৈমাৰীৰ শাস্তি লাঘৱৰ বাবে আলোচনা কৰা হ’ব বুলি মন্তব্য কৰে গোবিন্দ বসুমতাৰীয়ে।

ইফালে, বিটিআৰৰ কাৰ্যবাহী সদস্য তথা এনডিএফবি ( এছ ) সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰীয়েও আদালতৰ এনে ৰায়দান আশা কৰা নাছিল বুলি ব্যক্ত কৰে ।

Exit mobile version