Asha Parekh : প্ৰবীন অভিনেত্ৰী আশা পাৰেখলৈ ২০২২ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা

article l 202237211293741377000

বলিউডৰ প্ৰবীন অভিনেত্ৰী আশা পাৰেখলৈ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে চলিত বৰ্ষৰ বাবে সন্মানীয় দাদা চাহেব ফাল্কে বঁটাৰ বাবে নিৰ্বাচিত কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে প্ৰবাদ প্ৰতিম বিশিষ্ট অভিনেত্ৰী গৰাকীৰ ওপজাদিনৰ প্ৰাগমুহুতত নাম ঘোষ কৰিছিল ৷

উল্লেখ্য যে শেহতীয়াকৈ আশা পাৰেখে শাৰিৰীক অসুস্থতাৰ বাবে অভিনয় জীৱনৰ পৰা অব্যাহতি লৈছে ৷কিন্ত ৬০ আৰু ৭০ দশকত আশা পাৰেখৰ মন দুদান্ত অভিনয়ে সকলোৰে পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ সেই সময়ছোৱাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ আসন খন খামুচি থকাৰ লগতে সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰী ৰূপে পৰিগণিত
হৈছিল ৷ ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯২চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে ৷

Exit mobile version