আজি বিপ্লৱী শ্বহিদ ভগত সিঙৰ ১১৫ সংখ্য জন্ম জয়ন্তীত দেশজুৰি স্মৰণ

Bhagat Singh 17fb5e39284 medium

ভাৰতীয় স্বাধীনতা আন্দোলনলৰ অন্যতম যোদ্ধা বিপ্লৱী বীৰ ছহিদ ভকত সিংৰ আজি ১১৫ সংখ্যক ওপজাদিন ৷ দেশজুৰি বিভিন্ন স্থানত উদযাপিত হৈছে বীৰ যোদ্ধা গৰাকীৰ ওপজাদিনটি ৷ ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত পঞ্জাৱৰ বাঙ্গাত (বৰ্তমানৰ পাকিস্তান)কিষাণ সিংৰ ঔৰসত আৰু বিদ্যাৱতীৰ গৰ্ভত জন্ম গ্ৰহণ কৰা যুৱ নেতাগৰাকীয়ে কম বয়সতে দেশমাতৃৰ উদ্ধাৰৰ বাবে হোৱা স্বাধীনতাৰ আন্দোলনত যোগ দি মাত্ৰ বাবে ২৩ বছৰ বয়সত প্ৰাণ হেৰুৱাইছিল।

ভাৰতীয় সমাজতান্ত্ৰিক বিপ্লৱী সিঙক ১৯৩১ চনৰ ২৩ মাৰ্চত তেওঁৰ বন্ধু ৰাজগুৰু আৰু সুখদেৱৰ সৈতে ব্ৰিটিছৰ বিৰুদ্ধে হিংসাত লিপ্ত হোৱাৰ অভিযোগত মৃত্যুদণ্ড দিয়া হৈছিল। ভাৰতৰ স্বাধীনতাৰ কাৰণ তেওঁৰ বাবে ইমানেই প্ৰিয় আছিল যে তেওঁ দেশৰ বাবে প্ৰাণ দিয়াৰ সময়ত আনন্দৰে হাঁহি হাঁহি ফাঁচীকাঠত ওলমে ৷

কম বয়সতে সিঙে আৰ্য সমাজ প্ৰতিষ্ঠাপক দয়ানন্দ এংলো-বৈদিক উচ্চ বিদ্যালয়ত অধ্যয়ন কৰিছিল। আৰ্য সমাজ দৰ্শনে তেওঁৰ জীৱনক যথেষ্ট প্ৰভাৱিত কৰিছিল । বিপ্লৱৰ মনোভাৱৰ ভজত সিঙে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ১৯১৯ বৰ্ষত ৷ তেওঁ ইমানেই সাহসী আছিল যে বৃটিছ সৈন্যৰ গুলীয়াই হত্যা কৰা স্থান জালিয়ানৱালা বাগ গণহত্যাৰ স্থান পৰিদৰ্শন কৰিছিল মাত্ৰ ১২ বছৰ বয়সতে ৷

পিছলৈ তেওঁ যুৱ বিপ্লৱী আন্দোলনত যোগদান কৰে আৰু ভাৰতত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ প্ৰতি আকৰ্ষিত হয়৷ ১৯২৩ চনত সিঙে লাহোৰৰ ৰাষ্ট্ৰীয় মহাবিদ্যালয়ত অধ্যয়নৰ বাবে নামভৰ্তি কৰে। এজন মেধাবী আৰু কৃতী শিক্ষাৰ্থী হিচাপে জনপ্ৰিয় সিঙে কলেজৰ বহু কেইটা প্ৰতিযোগিতাত অংশ লৈ কেইবাটাও বঁটা আৰু স্বীকৃতি লাভ কৰিছিল।

১৯২৬ চনৰ মাৰ্চ মাহত ভগত সিঙে ভাৰতীয় সমাজতান্ত্ৰিক যুৱ সংগঠন নজোৱান ভাৰত সভা প্ৰতিষ্ঠা কৰে ৷ যিটো মুলত: জুচেপ্পে মেজিনিৰ যুৱ ইটালী আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তেওঁ আন বিপ্লৱী যুঁজাৰুসকলৰ সৈতে লগলাগি কেইবাখনো দৈনিক আৰু বাতৰি কাকতত বিপ্লৱী লিখনিৰে জনতাক উদ্গনি দিছিল ৷ ভাৰতৰ স্বাধীনতাক তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য বুলি বিবেচনা কৰা সিঙে বিয়ায়ে নকৰিলে ৷

দেশৰ বাবে নিজৰ প্ৰাণ আহুদি দিয়া বিপ্লৱী বীৰ ভগত সিঙৰ ১১৫ সংখ্যক ওপজা দিনত তেওঁলৈ যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলী ৷

Exit mobile version