পবিতৰাৰ অভয়াৰণ্যৰ পৰা ওলাই অহা গঁড়ৰ মুক্ত বিচৰণ মায়ঙত 

WhatsApp Image 2022 09 28 at 15.25.52

মৰিগাঁও জিলাৰ মায়ঙত গঁড়ৰ মুক্ত বিচৰণ ৷

মায়ঙৰ দাঁতিতে থকা পবিতৰা অভয়াৰণ্যৰ পৰা আজি পুৱাতে ওলাই অহা গঁড়ে মায়ং বজাৰৰ সমীপত বহু সময় ধৰি বিচৰণ কৰি থাকে৷গড়ৰ মুক্ত বিচৰণক লৈ অঞ্চলবাসী আতংকিত হৈ পৰে ৷

গড়টোৱে গাঁৱৰ মাজেৰে গৈ পথাৰত অৱস্থান কৰে৷স্থানীয় গঞাই গড়টো উভতাই পঠাবলৈ চেষ্টা কৰে যদিও ওলোৱাই চোচা লয় ৷ পাছত পবিতৰা অভয়াৰণ্যৰ পৰা অহা বনৰক্ষীৰ দলে অভয়াৰণ্য পিনে খেদি পঠিওৱা চেষ্টা কৰে ৷ এই পৰ্যন্ত গড়টো মায়ং বজাৰৰ সমীপৰ পথাৰৰ মাজত অৱস্থান কৰি আছে ৷

Exit mobile version