ASSAM BANDH CALL HASBEEN CALLED BY THE EX.NDFB : অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ খলনায়কক উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ প্ৰতিবাদত এন ডিএফ বিৰ ২৪ ঘন্টীয়া অসম বন্ধৰ ঘোষণা

WhatsApp Image 2022 09 28 at 11.34.51

ASSAM BANDH CALL HASBEEN CALLED BY THE EX.NDFB : ২০০৮ৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মুল খলনায়ক ৰঞ্জন দৈমাৰীক কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ প্ৰতিবাদত আজি প্ৰাক্তন এন ডিএফ বিয়ে ২৪ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰে ৷ আনহাতে এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বড়ো নেচনেল ষ্টুডেণ্ট ইউনিয়ন,বড়ো ওমেন জাষ্টিষ্ট ফ’ৰাম,বড়ো পিপুলচ কমিটি ফৰ পিচ ইনটেটিভ আৰু চ’ছাইটি ফৰ ইনজিনিয়াছ পিপুলছ ৰাইটছ ৷ বোমা বিস্ফোৰণৰে ৮০ জনকৈ নিৰীহ লোকৰ প্ৰাণ লোৱা দৈমাৰীৰ সমৰ্থনত বন্ধ ঘোষণা পৰা কাৰ্য সহজভাৱে লোৱা নাই বিভিন্ন দল -সংগঠন আৰু সচেতন ৰাইজ ৷

উল্লেখ্য যে মহানগৰীৰ সদাব্যস্ত গণেশগুৰি,পাণবজাৰ,বৰপেটা ৰোড,বঙাইগাঁও আৰু কোকোৰাঝাৰত ভৰদুপৰীয়া সংঘটিত ভয়াৱহ বোমা বিস্ফোৰণত নিহত হয় ৮০ জনকৈ নিৰীহ আৰু আহত হয় পাচঁশৰো অধিক৷পংগু হয় অৰ্ধ শতাধিক ৷ একেদৰে চিৰদিনৰ বাবে নিথৰুৱা হৈছিল বহু পৰিয়াল ৷ ভয়ংকৰ বোমা বিস্ফোৰণৰ খলনায়ক সমৰ্থনত আজি প্ৰাক্তন এন ডি এফ বি-এ আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ কোকোৰাঝাৰ সহ বিটি আৰৰ কিছু অঞ্চলত আংশিক প্ৰভাৱ পৰাৰ বিপৰীতে ৰাজ্যৰ কোনো ঠাইত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই ৷ আৰক্ষীয়ে বন্ধৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ ঠায়ে ঠায়ে নিৰাপত্তামুলক ব্যৱস্থা গ্ৰহণ কৰে ৷

Exit mobile version