ENGLANG : অবিশ্বাস্য লাগিলেও সত্য : এটা কুকুৰা কণীৰ দাম ৬০ হাজাৰ টকা

WhatsApp Image 2022 09 29 at 16.53.30

ENGLANG : সাধাৰণতে বজাৰত উপলব্ধ হোৱা কুকুৰাৰ কণীৰ দাম খূউব বেছি ১৪-১৫ টকা হয় । কিন্তু আপুনি শুনিছেনে এটা কুকুৰাৰ কণীৰ দাম ৬০ হাজাৰ টকা হোৱা । অবিশ্বাস্য হ’লেও সত্য যে ব্ৰিটেইনত ৫০০ পাউণ্ডত বিক্ৰী হৈছে এটা কুকুৰাৰ কণী । টাইমছ নাও নিউজত প্ৰকাশিত এই খবৰ অনুসৰি ব্ৰিটেইনৰ এটা পৰিয়ালে কেইবাটাও বছৰ পূৰ্বে এটা কুকুৰা ক্ৰয় কৰি আনিছিল । পৰিয়ালৰ সকলোৰে লগত ডাঙৰ হোৱা কুকুৰাটোক মৰমতে সকলোৱে টুইনস্কি বুলি মাতে ।

এদিন পৰিয়ালৰ এজন সদস্য এন্যাবিল মুলাশিয়ে প্ৰত্যক্ষ কৰে যে, টুইনিস্কিয়ে কেইবাটাও কণী পাৰি থৈছে । উল্লেখযোগ্য যে , ইয়াৰমাজতে এটা কণী অস্বাভাৱিকধৰণে বেলেগ আছিল । কণীটোৰ আকৃতি সম্পুৰ্ণৰূপে ঘূৰণীয়া আছিল যি এক ব্যতিক্ৰম ঘটনা হিচাপে পৰিগণিত হয় । ইয়াৰপিছতে মুলাশিয়ে গুগলত বিচাৰি গম পালে যে , এই ঘটনা এক কোটিত এটা হয় । যিটো সহজে নহয় ।

ইয়াৰ পিছত মুলাশিয়ে কণীটো বিক্ৰীৰ বাবে সামাজিক মাধ্যমত বিজ্ঞাপন দিলে । আচৰিত ধৰণে এজন ক্ৰেতাই কণীটো ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিল আৰু ৫০০ পাউণ্ড অৰ্থাৎ ৬০ হাজাৰ টকা দি কণীটো ক্ৰয় কৰে । এই ঘটনাৰ পিছতেই ব্ৰিটেইনৰ সংবাদ মাধ্যমে ৬০ হাজাৰ টকীয়া এই কণীটোৰ খবৰ প্ৰচাৰ কৰে । সকলোকে ৰোমান্সিত কৰা এই ৬০ হাজাৰ টকীয়া কণীটোৱে বৰ্তমান বিশ্বৰ শীৰ্ষ খবৰৰ তালিকাতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

Exit mobile version