খালি পেটত কল খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি ? জানিবলৈ পঢ়ক —

AdobeStock 215784483

পুষ্টিকৰ গুণেৰে ভৰপূৰ কল সজলোৰে প্ৰিয় এবিধ ফল । ই আমাৰ শৰীৰত বহুখিনি পুষ্টিৰ যোগান ধৰে । কিন্তু আমি হয়তো নাজানো খালি পেটত কল খালে ই পুষ্টি যোগান ধৰাতকৈ আমাৰ শৰীৰত বেছি অপকাৰহে কৰে ।

কে’বাটাও গৱেষণাৰ পৰা এইকথা প্ৰমাণ হৈছে যে, কলত বহু পৰিমাণে চুগাৰ থকাৰ কাৰণে ই আমাৰ শৰীৰত শক্তি প্ৰদান কৰে যদিও খালি পেটত কল খালে হিতে বিপৰীত ক্ৰিয়াহে কৰিব । ই আপোনাক অলস কৰি ক্লান্ত ভাৱ সৃষ্টি কৰিব লগতে আপোনাৰ শাৰীৰিক শক্তিও হ্ৰাস কৰিব ।

ৰাতিপুৱা আমাৰ শৰীৰত এচিডিক পৰিমাণ বৃদ্ধি হৈ থকাৰ কাৰণে কল খালে ইয়াৰ বিপৰীত পাৰ্শ্বক্ৰিয়া হোৱা পৰিলক্ষিত হয় আৰু শৰীৰত উচ্চ মাত্ৰাত মেগনেছিয়ামৰ ভাৰসাম্যহীনতাই দেখা দিব পাৰে । ইয়াৰফলত কেতিয়াবা হৃদৰোগত আক্ৰান্ত হোৱাৰো ভয় থাকে ।

কেৱল কলেই নহয় খালি পেটত যিকোনো ফল খোৱা স্বাস্থ্যৰ পক্ষে ভাল নহয় । কাৰণ পুৱাৰ ভাগত আমি সতেজ ফল পোৱাটোও টান । যিহেতু বজাৰত পোৱা সকলো ফলতে না-না ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে । এনেধৰণৰ ৰাসায়নিক পদাৰ্থ মিহলি হৈ থকা যিকোনো ফল খালি পেটত খোৱা অনুচিত । এই ৰাসায়নিক পদাৰ্থ খালি পেটত প্ৰৱেশ কৰিলে শৰীৰত অন্য সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

Exit mobile version