ব্লেড নিৰ্মাণৰ ৰহস্যৰ কথা জানিবলৈ পঢ়ক —

razor blade on black background 260nw 1461008447

আমাৰ জীৱনৰ অত্যন্ত গুৰুত্বপূৰ্ণ এবিধ ক্ষুদ্ৰ সামগ্ৰী হৈছে ব্লেড । বহুতে ব্লেডেৰে নখ চাফা কৰাৰ লগতে বিভিন্ন কটা-চিঙা কামত ব্লেড ব্যৱহাৰ কৰে । কিন্তু আমি কেতিয়াবা মন কৰিছোনে যে এই ব্লেডৰ পূৰ্বৰ আকাৰ কেতিয়াও কিয় সলনি হোৱা নাই । যুগ যুগ ধৰি এই ব্লেডৰ আকাৰ সলনি নোহোৱাৰ ৰহস্যৰ বিষয়ে জানিবলৈ আপুনি আগ্ৰহী নহয়নে ?

১৯০১ত জিলেট কৰ্মসংস্থাৰ প্ৰতিষ্ঠাতা কিং ক্যাম্প জিলেট তথা সহকৰ্মী উইলিয়াম নিক্সাৰছনে এই ব্লেডৰ নক্সা নিৰ্মাণ কৰি আমেৰিকাত ব্যৱসায় আৰম্ভ কৰিছিল । উল্লেখযোগ্য যে, সংস্থাটোৱে তিনি বছৰৰলৈকে মাত্ৰ ১৬৫ খন ব্লেড প্ৰস্তুত কৰিছিল ।

সমান্তৰালকৈ পৰৱৰ্ত্তী পৰ্যায়ত যাৱতীয় চিন্তাচৰ্চাৰে ব্লেডৰ লগতে বজাৰত মুকলি কৰিছিল স্ক্ৰু আৰু নট-বলটু আদি । পিছত ব্লেডৰ আৰ্হিৰে অন্য প্ৰতিষ্ঠানেও ব্লেড প্ৰস্তুত কৰি বজাৰত এৰি দিয়া পৰিলক্ষিত হয় ।

বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ব্লেড জাতীয় সামগ্ৰী বজাৰলৈ আহিছে যদিও ব্লেডৰ কথা মনলৈ আহিলে কিন্তু সদায় আমাৰ জিলেটৰ সেইখন ব্লেডৰ ছবিহে মনলৈ আহে ।

Exit mobile version