ASSAM STRUCK BY 5.2 MAGNITUDE EARTHQUAKE : পুৱতি নিশা হোৱা ভূমিকম্পই জোকাৰি গ’ল অসম

ভুমিকম্পৰ ৰিখটাৰ স্কেল আছিল ৫.২

WhatsApp Image 2022 09 30 at 10.40.50 1

ASSAM STRUCK BY 5.2 MAGNITUDE EARTHQUAKE : শুক্ৰবাৰে পুৱতি নিশা প্ৰায় ৩.৫২ মান বজাত হোৱা এক ভুমিকম্পই জোকাৰি যায় অসমৰ বহু অঞ্চল। ভুমিকম্পৰ ৰিখটাৰ স্কেলত তীব্ৰতা আছিল ৫.২ । ভুমিকম্পৰ ফলত এই পৰ্যন্তলৈকে কোনো ক্ষয়ক্ষতিৰ খবৰ লাভ কৰিব পৰা নাই ৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নলবাৰী,ৰঙিয়া ,নগাঁও ,ওদালগুৰি,
তামুলপুৰৰ লজতে বৰাক উপত্যকাত ভুমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয় ৷ ভুমিকম্পৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া দেশ ম্যানমাৰ ।

ভূমিৰ পৰা পৰা প্ৰায় ১৪০ কিলোমিটাৰ গভীৰতাত আছিল মুল কেন্দ্ৰস্থল । আনহাতে অৰুণাচলক বাদ দি উত্তৰ পূৱৰ আন ৰাজ্য কেউখনতে কিছু পৰিমাণে অনুভূত হয় ভূমিকম্পন ।

Exit mobile version