চোৰাং ব্যৱসায়ীৰ নতুন কৌশল : নৈশ বাছত কঢ়িয়াই নিছিল চোৰাং গৰু

WhatsApp Image 2022 10 01 at 16.10.19

গৰু সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ যিমানেই কঠোৰ নহওক কিয়, ৰাজ্যত কিন্তু এতিয়াও সক্ৰিয় হৈ আছে চোৰাং গৰুৰ সৰবৰাহ কৰা চক্ৰ ।

ADVERTISEMENT

আৰক্ষীৰ চকুত ধুলি দিবলৈ নিতৌ ন-ন কৌশল প্ৰয়োগ কৰি চোৰাং গৰু চক্ৰই সৰবৰাহ কৰি আহিছে গৰুৰ ৰমৰমীয়া ব্যৱসায় ।

কিছুদিন পূৰ্বে যাত্ৰীবাহী বাছত চোৰাং গৰু উদ্ধাৰ হোৱা ঘটনাৰ পিছতে কালি পুৱতি নিশা এখন নৈশ বাছত পুনৰ উদ্ধাৰ হৈছে ৩৪টাকৈ চোৰাং গৰু ।

খবৰ অনুসৰি, নগাঁৱৰ ‘ৰাঘৱ’ নামৰ নৈশ বাছখনত গৰু সৰবৰাহ কৰা তথ্য লাভ কৰাৰ পিছতেই মিছা আৰক্ষীয়ে অভিযান চলাই গৰুসহ বাছখন জব্দ কৰিবলৈ সক্ষম হয় ।

ইফালে আৰক্ষীৰ অভিযানৰ খবৰ পাই পথৰ কাষতে বাছখন ৰখাই গৰু চুৰি চক্ৰটো পলায়ন কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, এ এচ ০১ ডিচি ৪৪৪২ নম্বৰৰ এই বাছখনত চুৰি চক্ৰটোৱে যাত্ৰীৰ আসন সমূহ আঁতৰাই এই ৩৪টাকৈ গৰু কঢ়িয়াই নিছিল ।

Exit mobile version