5G Technology : ইন্টাৰনেটৰ গতি ফ’ৰ জি-ৰ এশ গুণ ! পঞ্চম প্রজন্মত কি কি চমক আনিছে ফাইভ জিয়ে ?

5G Wireless Technology

পঞ্চম প্রজন্মত ভৰি দিলে দেশৰ ম’বাইল প্রযুক্তিয়ে । শনিবাৰে দিল্লীত ফাইভ জি প্রযুক্তিৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

ফাইভ জি প্রযুক্তিত দেশৰ টেলিকম ব্যৱস্থা আৰু কিছু খাপ আগবাঢ়ি যাব বুলি ধাৰণা কৰা হৈছে । প্রাথমিকভাৱে দিল্লী, মুম্বাই, কলকাতা, চেন্নাইৰ দৰে কিছুসংখ্যক চহৰত ফাইভ জি আৰম্ভ হ’ব ।

দীপাৱলিৰ পাছৰ পৰা চহৰসমূহত ফাইভ জি সেৱা পোৱা যাব বুলি জনাইছে ।

ফাইভ জি স্পেকট্রামৰ সৰ্বাধিক আবণ্টন পাইছে মুকেশ অম্বানীৰ সংস্থা ৰিলায়েন্স জিঅ’ই । তেওঁলোকে ফিফথ্ জেনেৰেছন বা ফাইভ জি স্পেকট্রামৰ ৮৮ হেজার ৭৮ কোটি টকাৰ আবণ্টন পাইছে । দীপাৱলিত জিঅ’ই দিল্লী, মুম্বাই, কলকাতা, চেন্নাইত এই সেৱা আৰম্ভ কৰিব বুলি জনাইছে ।

ফাইভ জি স্পেকট্রামৰ দ্বিতীয় সর্বোচ্চ আবণ্টন পাইছে ভাৰতী এয়াৰটেলে । তেওঁলোকে জনাইছে, ২০২৩ৰ ভিতৰত দেশৰ চহৰসমূহত ফাইভ জি সেৱা আৰম্ভ কৰি দিয়া হ’ব । ২০২৪-ৰ মার্চত ফাইভ জি সেৱা উপলব্ধ হ’ব প্রত্যন্ত অঞ্চলতো ।

ফাইভ জি সেৱাত ইন্টাৰনেটৰ গতি বহুখিনি বাঢ়ি যাব । দাবী কৰা হৈছে, ফাইভ জি-ৰ গতি হ’ব প্রতি ছেকেণ্ডত সর্বোচ্চ ২০ গিগাবাইট । ফ’ৰ জি-ত ইন্টাৰনেটৰ গতি সর্বোচ্চ এশ মেগাবাইট প্রতি ছেকেণ্ড । অর্থাৎ ফ’ৰ জি সেৱাৰ তুলনাত ফাইভ জিৰ সর্বোচ্চ গতি হ’ব এশ গুণৰো অধিক ।

ফাইভ জি সেৱাত ইন্টাৰনেটৰ বিলম্ব (লেটেন্সি) এক মিলি ছেকেণ্ডৰো কম । ফ’ৰ জি-ৰ ক্ষেত্রত ১০ৰ পৰা এশ মিলিছেকেণ্ড ।

যিকোনো ডাঙৰ ফাইল, ছবি বা গান ফাইভ জি-ত ডাউনল’ড হ’ব কিছু মুহূর্ততেই । ই-হেলথ্, মেটাভাৰ্ছৰ দিশৰ পৰাও বহু আগত থাকিব ফাইভ জি ব্যৱহাৰকাৰীসকল ।

টেলিকম বিভাগে (ডিঅ’টি) পূৰ্বে জনাইছিল, প্রথম পৰ্যায়ত ভাৰতৰ ১৩খন চহৰত হাই স্পিড ফাইভ-জি ইন্টাৰনেট সেৱা উপলব্ধ হ’ব ।

সেৱা আৰম্ভ হ’ব কলকাতা, আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লী, গান্ধীনগৰ, গুৰুগ্রাম, হায়দৰাবাদ, জামনগৰ, লক্ষ্ণৌ, মুম্বাই আৰু পুনেত ।

মুঠ ১০টা বেণ্ডৰ ৭২ হেজাৰ ৯৮ মেগাহাৰ্তজৰ ফাইভ জি স্পেকট্রাম নিলামত তুলিছিল কেন্দ্রীয় চৰকাৰে । তাৰ ভিতৰত ৭১ শতাংশ বিক্রী হৈছে প্রায় ডেৰ লাখ কোটি টকাত ।

এয়াৰটেল, জিঅ’ৰ উপৰিও আদানিয়ে ডেটা নেটৱর্ক, ভোডাফোন-আইডিয়াই ফাইভ-জি স্পেকট্রামৰ আবণ্টন লাভ কৰিছে ।

কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে জনাইছিল, বিভিন্ন দেশত ফাইভ জি সেৱা ৪০ৰ পৰা ৫০ শতাংশত লৈ যাবলৈ বেছি সময় লাগিছে । ভাৰতে তাৰ তুলনাত বহু কম সময়ৰ ভিতৰত ৮০ শতাংশ সেৱা লক্ষ্যমাত্রা স্থিৰ কৰিছে ।

বিশেষজ্ঞসকলে জনাইছে, ভাৰতৰ এক তৃতীয়াংশৰো অধিক ম’বাইলত ২০৩০ৰ ভিতৰত ফাইভ জি সেৱা আৰম্ভ হৈ যাব । টু জি আৰু থ্রি জি সেৱাৰ ব্যৱহাৰ নামি আহিব ১০ শতাংশৰ তলত ।

ফাইভ জি প্রযুক্তি ভাৰতৰ বাবে যথেষ্ট লাভজনক হিচাউ প্রমাণিত হ’ব বুলি ধাৰণা কৰা হৈছে । ২০২৩ৰ পৰা ২০৪০-ৰ ভিতৰত ভাৰতৰ অর্থনীতিত কেৱল ফাইভ জি প্রযুক্তিৰ বাবদ প্রায় ৫০ কোটি ডলাৰ অতিৰিক্ত আহিব পাৰে, আশাবাদী টেলিকম বিশেষজ্ঞসকল ।

Exit mobile version