গোলাঘাট পৌৰসভালৈ পুনৰ স্বচ্ছ সর্বেক্ষণ বঁটা

নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ উপস্থিতিত পৌৰসভাৰ সভানেত্ৰী আৰু কাৰ্যবাহী বিষয়াই গ্ৰহণ কৰিলে বঁটা

WhatsApp Image 2022 10 02 at 18.45.07

কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ ১৪ খন পৌৰ সভালৈ ২০২২ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আগবঢ়াইছে ।

গোলাঘাট পৌৰ সভাই পুনৰ ২০২২ বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে । নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত কালি অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ উপস্থিতিত অসমৰ আন ১৪ খন পৌৰসভাৰ লগতে গোলাঘাট পৌৰসভাক এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় । গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা আৰু কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰে এই বঁটা গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ জনসংখ্যাৰ শ্ৰেনীত গোলাঘাট পৌৰসভাই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে উদ্ভাৱনী অনুশীলনৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে । গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা, কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলে এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে গোলাঘাট নগৰখনক বিভিন্ন উদ্ভাৱনী কৌশলেৰে পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে ।

Exit mobile version