মহা ষষ্ঠীৰ নিশা ৰংজুলিত নৃশংস হত্যাকাণ্ড : গ্ৰেপ্তাৰ ধৃত হত্যাকাৰী

মহা ষষ্ঠীৰ নিশা ৰংজুলিত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ঘটনা । সুদীৰ্ঘ দুটা বছৰৰ অন্তত এচ অ’ পি বিহীন দূৰ্গোৎসৱত ঢাকৰ শব্দত প্ৰাণ পাই উঠিছে ভক্তপ্ৰাণ ৰাইজ । মহা ষষ্ঠীৰ উখল-মাখল পৰিবেশৰ মাজতে ৰংজুলিত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ ঘটনাত বাসু উপাধ্যায় নামৰ এজন লোকক খুকুৰীৰে খানি-খুচি হত্যা কৰে কবি কছাৰী নামৰ লোকজনে ।

জানিব পৰা মতে, দুধনৈৰ শান্তিপুৰ নিৱাসী বাসু নামৰ এই লোকজন পূজা উপলক্ষে ৰংজুলিৰ ঠাকুৰীয়াপাৰাত থকা শহুৰেকৰ ঘৰলৈ গৈছিল । শহুৰেকৰ ঘৰৰ চুবুৰীয়া কবি নামৰ এই নিচাসক্ত লোকজনে এটা সাধাৰণ কথাতে কাজিয়াৰ সূত্ৰপাত কৰি খঙৰ ভমকত ঘৰৰ পৰা খুকুৰী উলিয়াই আনি বাসুৰ পেট আৰু বুকুত উপৰ্যুপৰি আঘাত কৰে ।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বাসুক শহুৰেকৰ ঘৰৰ মানুহে ৰংজুলি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

ইফালে ঘটনাৰ খবৰ পাই ৰংজুলি আৰক্ষী উক্ত স্থানত উপস্থিত হৈ হত্যাকাৰী কবিক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত হোৱা খুকুৰীখন জব্দ কৰে । পূজাৰ মাজতে সংঘটিত হোৱা এই নৃশংস ঘটনাই ৰংজুলি বাসীৰ মাজত পূজাৰ উছাহ কিছু পৰিমাণে ম্লান কৰিছে ।

Exit mobile version