Mayanmar : ৩৫০০ ফুট উচ্চতাত যোৱা বিমানক ভূমিৰ পৰা গুলী চালনা ! বিমান ভেদি লাগিল যাত্রীৰ শৰীৰত

myanmar man shot flight

তিনি হেজাৰ পাঁচশ ফুট উচ্চতাত যোৱা যাত্রিবাহী বিমানক লক্ষ্য কৰি ভূমিৰ পৰা গুলী চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । সেই গুলী বিমানৰ গা ভেদি লাগিল যাত্রীৰ শৰীৰত ! অবিশ্বাস্য এই ঘটনা সংঘটিত হৈছে ম্যানমাৰত ।

ব্রিটিছ সংবাদ সংস্থা ‘দ্য ছান’-ৰ প্রতিবেদন অনুযায়ী, তিনি হেজাৰ পাঁচশ ফুট উচ্চতাত গৈছিল ম্যানমাৰ নেছনেল এয়াৰলাইন্সৰ এখন বিমান । বিমানত ৬৩ জন যাত্রী আছিল । বিমানখন লাইকোভলৈ গৈ আছিল । গন্তব্যস্থলত গৈ পোৱাৰ আগতেই বিমানখনক লক্ষ্য কৰি গুলী চলায় । তেতিয়াই গুলীবিদ্ধ হয় এগৰাকী যাত্রী । এই ঘটনাৰ পাছতেই বিমানখনক জৰুৰী অধতৰণ কৰে পাইলটে ।

এই ঘটনাৰ পাছতে লাইকোভত অনির্দিষ্টকাললৈকে বিমান সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ম্যানমাৰ নেছনেল এয়াৰলাইন্সে ।

কিন্তু প্রশ্ন উদ্ভৱ হয়, কেনেদৰে তিনি হেজাৰ ফুটৰো ওপৰত বিমানত গুলী লাগিল ? এই গুলী কোনে চলাইছিল ? ম্যানমাৰ চৰকাৰে এই ঘটনাৰ বাবে বিদ্রোহী গোষ্ঠীক দোষাৰোপ কৰিছে । কায়া ৰাজ্যৰ পৰা এই গুলী চালনা কৰা হৈছিল বুলি চৰকাৰৰ অভিযোগ । যদিও চৰকাৰৰ এই অভিযোগ খাৰিজ কৰিছে বিদ্রোহী গোষ্ঠীয়ে ।

ম্যানমাৰ চৰকাৰৰ মুখপাত্র মেজৰ জেনেৰেল জও মিন তুনে কয়, “এই ধৰণৰ কাম সন্ত্রাসবাদৰ স’তে জড়িত । যিসকল নাগৰিক আৰু প্রতিষ্ঠানে দেশত শান্তি অটুট ৰাখিব বিচাৰে, তেওঁলোকে এই ঘটনাৰ প্রতিবাদ কৰ উচিত ।”

Exit mobile version