Google : চীনত বন্ধ হ’ল গুগলৰ গুৰুত্বপূর্ণ সেৱা, নেপথ্যত কোন কেইটা কাৰণ ?

images 8

বিশ্বায়নৰ যুগত ভাষা যাতে কোনো বাধা হৈ নপৰে, তাৰ বাবে একাধিক সংস্থাই বজাৰত আনিছে তাৎক্ষণিক অনুবাদৰ ব্যৱস্থা । তথ্যপ্রযুক্তি সংস্থা গুগলৰো এনে এটা ব্যৱস্থা আছে, নাম— ‘গুগল ট্রান্সলেটৰ’।

বিশ্বৰ বিভিন্ন দেশত বহু লোকে ব্যৱহাৰ কৰিলেও চীনত সিমান জনপ্রিয় নহয় । অহা শনিবাৰৰ পৰা চীনৰ মূল ভূখণ্ডত এই সেৱা বন্ধ কৰিব গুগলে । বিবৃতি দি বিষয়টো জনাইছে গুগল কর্তৃপক্ষ‌ই ।

এয়ে প্রথম নহয় । ইয়ৰ পূৰ্বেও গুগলৰ একাধিক সেৱা বন্ধ হৈ গৈছিল চীনত । বাইডু আৰু টেনচেন্ট-ৰ দৰে চীনা সংস্থাই মূলত সেই দেশৰ বজাৰ দখল কৰি ৰাখিছে । ২০১০ত গুগলে দাবী কৰে চৰকাৰী বিধিনিষেধৰ ফলত ছার্চ ইঞ্জিন বন্ধ কৰি দিছে তেওঁলোকে ।

পাছত গুগল মেপ আৰু জিমেইল সেৱাও বন্ধ কৰি দিয়া হয় । এই ক্ষেত্রত অৱশ্যে তেনে কোনো কাৰণৰ কথা জনোৱা নাই তেওঁলোকে । চীনা সংবাদমাধ্যমত দাবী কৰা হৈছে, মূলত স্বদেশী সংস্থাসমূহৰ স’তে যুঁজিব নোৱাৰিয়ে বজাৰ ত্যাগ কৰিলে গুগলে ।

Exit mobile version