Heart Attack : হৃদ্‌ৰোগত আক্রান্ত ৰোগীৰ হাৰ ভাৰততে সৰ্বাধিক, সাম্প্রতিক সমীক্ষাত প্ৰকাশ

1664787837 new project 2022 10 03t143427 088

ভাৰতৰ যুৱ প্রাপ্তবয়স্কসকলৰ হার্ট একেকৰ শংকা ক্রমশ বাঢ়িছে । ‘কার্ডিয়’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়া’-ৰ সাম্প্রতিক সমীক্ষাত এই তথ্য প্ৰকাশ । সমগ্ৰ ভাৰতৰ প্রায় পাঁচ হেজাৰজন চিকিৎসকে কৰা এটা পর্যবেক্ষণ অনুযায়ী, প্রাপ্তবয়স্ক যুৱৰ উপৰিও বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ হৃদ্‌ৰোগৰ সংশয় বাঢ়িছে । যুৱ প্রাপ্তবয়স্কসকলৰ ‘কৰোনাৰি হার্ট ডিজিজ’ (চিএইছডি) ক্রমশ উদ্বেগজনক হৈ উঠিছে ।

সমীক্ষা অনুযায়ী, হৃদ্‌ৰোগত আক্রান্ত ৰোগীৰ হাৰ ভাৰতত সৰ্বাধিক । চিকিৎসকসকলৰ মতে, জীৱনযাত্রাত ধৰণ হৃদ্‌ৰোগৰ এটি বৃহৎ কাৰণ । প্রক্রিয়াজাত খাদ্য খোৱাৰ প্রৱণতা, তেল-মছলাজাতীয় খাদ্যৰ প্রতি আকৰ্ষণ, শৰীৰচর্চা নকৰা, অনিয়মিত খাদ্যাভ্যাস, অত্যধিক পৰিমাণে কায়িক পৰিশ্রম কৰা — এনেধৰণৰ কিছু কাৰণত হার্টৰ অসুখ ক্রমশ বাঢ়িছে ।

ইয়াৰ উপৰি মাত্রাতিধিক হাৰত ম’বাইলৰ ব্যৱহাৰ, চেনি খোৱাৰ অভ্যাসো হৃদ্‌ৰোগৰ কাৰণ হৈ পৰিছে । অতিৰিক্ত ধূমপানো ‘কৰোনাৰি হার্ট ডিজিজ’-ৰ কাৰণ হৈ পৰিব পাৰে বুলি জনাইছে চিকিৎসকসকলে ‌।

বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ হার্টৰ অসুখৰ অন্যতম কাৰণ ম’বাইলৰ সংস্পর্শত অধিক সময় থকা । কিশোৰ-কিশোৰীসকলৰ ম’বাইল ব্যৱহাৰৰ আশক্তি অত্যধিক । সমীক্ষা অনুসৰি, অনেকেই নিশা শুৱাৰ আগতে সামাজিক মাধ্যম ব্যৱহাৰ কৰে ।

নিশ্বাস লোৱাত কষ্ট হোৱা, বুকুত বিষ, মানসিক অবসাদ, ভৰি আৰু হাত ফুলি যোৱা, ক্রমাগত কাহ, বমি বমি ভাৱ, হৃদ্‌স্পন্দনৰ হাৰ কমি যোৱা— ‘চিএইচডি’-ৰ অন্যতম লক্ষণ ।

Exit mobile version