Vande Bharat Express : ম’হৰ জাকক খুন্দিয়াই গুজৰাটত ক্ষতিগ্ৰস্ত বন্দে ভাৰত এক্সপ্রেছৰ সন্মুখৰ অংশ, ব্যাহত ৰে’ল চলাচল

Vande 1665048795672 1665048796165 1665048796165

Vande Bharat Express : সজোৰে অহা বন্দে ভাৰত এক্সপ্রেছে খুন্দা মাৰিলে ম’হৰ জাকক । ফলত খুলি পৰিৱ দ্রুতবেগী ৰে’লখনৰ সন্মুখৰ অংশ । এই ঘটনা সংঘটিত হৈছে গুজৰাটত, বৃহস্পতিবাৰে পুৱা ।

প্রশাসন সূত্রে খবৰ, ৰে’লখন মুম্বাইৰ পৰা গুজৰাট অভিমুখে গান্ধীনগৰৰ দিশে গৈ আছিল । ঘটনাটো সংঘটিত হয় আহমেদাবাদৰ আগতে বাটৱা আৰু মণিনগৰ ৰে’ল ষ্টেছনৰ মাজত ৰে’ল বিভাগ সূত্রে জানিব পৰা গৈছে, ম’হৰ জাকৰ স’তে হোৱা সংঘর্ষৰ ফলত ৰে’লখনৰ সন্মুখৰ অংশ সামান্য ক্ষতিগ্রস্ত হৈছে ।

এটা ভিডিঅ’ত দেখা গৈছে, এজন ৰে’ল কর্মচাৰীয়ে ৰে’লৰ সন্মুখৰ ক্ষতিগ্রস্ত অংশটো মেৰামতি কৰিছে । মেৰামতিৰ পাছত ৰে’ৰখনক নির্ধাৰিত গন্তব্য স্থানলৈ লৈ যোৱা হয় ।প্রসংগত, বিগত মাহত গান্ধীনগৰৰ পৰা মুম্বাই পর্যন্ত এই আধা দ্রুত গতিৰ ৰে’লৰ উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । ৰে’লখন উদ্বোধন কৰাৰ দিনা তেওঁ গান্ধীনগৰৰ পৰা আহমেদাবাদৰ কালুপুৰ ৰে’ল ষ্টেছন পর্যন্ত ট্রেইন ভ্ৰমণো কৰিছিল ।

Exit mobile version