WHO : গাম্বিয়াত ৬৬ শিশুৰ মৃত্যু, ভাৰতত প্ৰস্তুত চর্দি-কাহৰ ছিৰাপত সতর্কবার্তা জাৰি হু-ৰ

63348440 101

নতুন দিল্লীৰ মেইডেন ফার্মাচিউটিকেলছে প্ৰস্তুত কৰা চৰ্দি-কাহৰ ছিৰাপ গাম্বিয়াৰ শিশু মৃত্যুৰ কাৰণ হ’ব পাৰে বুলি সতৰ্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই (হু)। যাতে অন্য কোনো দেশে এই ছিৰাপ ব্যৱহাৰ নকৰে, সেই বার্তাও দিয়া হয় হু-ৰ তৰফৰ পৰা ।

ADVERTISEMENT

সম্প্রতি বৃক্ক বিকল হৈ ৬৬টি শিশুৰ মৃত্যু হৈছে গাম্বিয়াত । প্রাথমিক তদন্তৰ পাছত সন্দেহ কৰা হৈছে, মেইডেন ফার্মাচিউটিকেলছে প্ৰস্তুত কৰা চাৰিটা ছিৰাপেই পাঁচ বছৰৰ কম বয়সৰ শিশুসকলৰ বৃক্ক বিকল হোৱাৰ কাৰণ । এই চাৰিটা ছিৰাপক লৈ ইতিমধ্যে সতর্কবার্তা জাৰি কৰিছে হু-ৱে । প্রস্তুতকাৰক সংস্থা আৰু নিয়ামক সংস্থাৰ স’তে যৌথভাৱে তদন্তও আৰম্ভ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ।

হু-ৰ সতর্কবার্তাত অনুসৰি, ‘‘এই চাৰিটা ছিৰাপ পৰীক্ষা কৰা হৈছে, সেইবোৰত অস্বাভাৱিক মাত্রাত ডাইথিলিন গ্রাইকল আৰু এথিলিন গ্লাইকল আছে ।’’ বুধবাৰে এটা সাংবাদিক সন্মিলনত হু প্রধান টেড্রছ এডানম গেব্রিয়েছাছে কয়, ‘‘এই পর্যন্ত গাম্বিয়াত এই চাৰি ছিৰাপৰ অস্তিত্ব পোৱা গৈছে । অৱশ্যে অন্য দেশতো এই ছিৰাপ ব্যৱহাৰ কৰি থাকিব পাৰে ।’’

Exit mobile version