A FEW MAGICAL TIPS TO REMOVE THE DARK SPOTS ON THE FACE AND NECK :মুখ আৰু ডিঙিৰ ক’লা দাগ দূৰ কৰাৰ কেইটামান যাদুকৰী টিপছ

WhatsApp Image 2022 10 07 at 16.59.56

A FEW MAGICAL TIPS TO REMOVE THE DARK SPOTS ON THE FACE AND NECK : সঠিক সময়ত সঠিক যত্ন ন’ললে এটা বয়সত মানুহৰ ছালৰ বিভিন্ন সমস্যা আহিব পাৰে । বিশেষকৈ মুখ, কপাল , পিঠি আৰু ডিঙিত ক’লা দাগ পৰিলে ছালখন একেবাৰে নিষ্প্ৰাণ হৈ পৰিব পাৰে ।
সেইবাবে আমি ছালৰ যত্নৰ ক্ষেত্ৰত আপোচ কৰিব নালাগে । নিয়মিত ক্লিনজিং , টোনিং আৰু ময়েশ্চৰাইজিং কৰাতো খুবেই জৰুৰী লগতে ৰাতি শুৱলৈ যোৱাৰ আগতে ছালৰ আৰ্দ্ৰতা বজাই ৰখাৰ চেষ্টা কৰিব লাগে ।

ছাল পৰিষ্কাৰ কৰোতে নিজৰ ছাল অনুযায়ী ফেচওৱাচ ব্যৱহাৰ কৰিব লাগে । সাধাৰণতে চাবোনে আমাৰ ছালৰ আৰ্দ্ৰাতা হ্ৰাস কৰিব পাৰে । সেইবাবেই চাবোনৰ পৰিৱৰ্তে সঠিক ফেচওৱাচ ব্যৱহাৰ কৰি ছালৰ আৰ্দ্ৰতা ধৰি ৰখাৰ চেষ্টা কৰাটো বাঞ্চনীয় ।

আমি বাহিৰলৈ গলে আমাৰ মুখ , হাত-ভৰি , ডিঙি অৰ্থাৎ ওলাই থকা অংশত ৰ’দ, ধুলি-মাকতি পৰি ছাল নষ্ট কৰিব পাৰে । তেনেক্ষেত্ৰত ছালৰ লগতে সম্পূৰ্ণ শৰীৰৰ যত্ন লোৱাটোও সমানেই আৱশ্যক । নিয়মিত ছাল পৰিষ্কাৰ কৰাৰ লগতে প্ৰচুৰ পানী খালে শৰীৰ সুস্থ থকাৰ উপৰিও ছালৰো উজ্জ্বলতা বৃদ্ধি পায় ।

দিনৰ সময়ছোৱাত ওলাই গ’লে এচ পি এফ (৪০ প্লাছ ) চান্সস্ক্ৰিন লগোৱাটো খুবেই আৱশ্যক । ই ৰ’দ-বতাহ আৰু ধুলি-মাকতিৰ পৰা ছালখন ৰক্ষা কৰাত সহায় কৰে ।
ইয়াৰোপৰি ছাল অনুযায়ী ক্লিনজিং, টোনিং,চিৰাম আদিৰো ব্যৱহাৰ কৰিব লাগে । যিহেতু চিৰামে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি বয়সৰ চাপ পৰাৰ পৰা ছালখন ৰক্ষা কৰে । নিয়মিত চিৰাম ব্যৱহাৰ কৰিলে ছালৰ দাগো দূৰ হয় ।

মাহত অন্তত এবাৰ হ’লেও বিউটি পাৰ্লাৰলৈ গৈ ফেচিয়েল , পেডিকিউৰ –মেনিকিউৰ কৰাব লাগে । যি আপোনাৰ মুখ , ডিঙি , পিঠি , হাত-ভৰিৰ দাগ দূৰ কৰাত সহায় কৰিব ।

Exit mobile version