DOES LED LIGHTS HARM THE BODY : এলইডি লাইটে শৰীৰৰ ক্ষতি কৰে নেকি ? জানিবলৈ পঢ়ক –

WhatsApp Image 2022 10 08 at 18.01.10 1

DOES LED LIGHTS HARM THE BODY : আজিকালি ঘৰ-গাড়ী সকলোতে এলইডি লাইট ব্যৱহাৰ কৰা দেখা যায় । বিশেষকৈ এলইডি লাইটৰ যেনেকৈ দাম কম , তেনেকৈ ই বহুত দিন ভাল হৈ থকা দেখা যায় । আনকি ইয়াৰ পোহৰো বহুত বেছি । কিন্তু তথাপি আমি হয়তো নাজানো যে ই আমাৰ শৰীৰৰ বাবে কিমান ক্ষতিকাৰক !

বিশেষজ্ঞ সকলে কয় যে, এই ধৰণৰ লাইটে আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰে । এই লাইট এলুমিনিয়্যাম গ্যালিয়াম আৰ্চেনাইড নামৰ বিশেষ এক ধৰণৰ ক্ষতিকাৰক উপাদান বা টক্সিনেৰে তৈয়াৰ কৰা হয় । যি আমাৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক । অৱশ্যে এই সন্দৰ্ভত বিশেষ তথ্য পোৱা হোৱা নাই যদিও একাধিক প্ৰাণীৰ ওপৰত এই টক্সিন প্ৰয়োগ কৰি যিটো ফলাফল পোৱা গৈছে , সেইটো যথেষ্ট ভয়ানক । এই টক্সিনৰ সংস্পৰ্শত আহিলে কিডনি আৰু লান্সৰ মাৰাত্মক ক্ষতি হ’ব পাৰে ।

সেইবাবেই এলইডি লাইট ব্যৱহাৰ কৰোতে সাৱধান হ’ব লাগে । বিশেষকৈ এই লাইট লগোৱাৰ পিছত ভালকৈ চাবোনেৰে হাত ধুব লাগে । যদিও এই ক্ষতি এদিনতে নহয় , তথাপি দীৰ্ঘদিন ধৰি এই পোহৰত থাকিলে আমাৰ চকুৰ ৰেটিনাত বেয়া প্ৰভাৱ পৰিব পাৰে । আমি জানো যে, চকুৰ ৰেটিনাত কোনো ক্ষতি হ’লে পুনৰ চকুৰ ৰশ্মি ঘুৰাই পোৱাটো সম্ভৱ নহয় । দীৰ্ঘদিন এলইডি লাইটৰ পোহৰত থাকিলে লাহে লাহে চকুৰ ৰশ্মি কমি অহাটো খাটাং ।

সম্প্ৰতি প্ৰকাশিত এক গৱেষণাত এই কথা উল্লেখ কৰা হৈছে যে , ইয়াত থকা নীলা আভাই চকুৰ বিস্তৰ ক্ষতি সাধন কৰে । যাৰবাবে গৱেষকে এই এলইডি লাইটৰ ওপৰত ফিল্টাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে । ফিল্টাৰ ব্যৱহাৰ কৰিলে এই ক্ষতিৰ আশংকা কমি যায় । এজন মানুহৰ চকু এবছৰত প্ৰায় ৬০০০ ঘণ্টা খোলা থাকে । এই সমগ্ৰ সময়ত যদি এজন মানুহে এই লাইটৰ পোহৰত থাকে , তেন্তে নিশ্চয়কৈ চকুৰ ক্ষতি হোৱাৰ আশংকা বৃদ্ধি পায় ।

এলইডি লাইটৰ পৰা যি নীলা আভা প্ৰতিসৰণ হৈ থাকে সেই আভা শৰীৰৰ বাবে একেবাৰে ক্ষতিকাৰক । অৱশ্যে এই সমস্যাটো সাধাৰণ মানুহৰ পক্ষে বুজি পোৱাটো সম্ভৱ নহয় যে কোনটো লাইটৰ পৰা নীলা আভা নিৰ্গমণ হৈছে আৰু কোনোটো লাইটৰ পৰা নীলা আভা নিৰ্গমণ হোৱা নাই । এই ক্ষেত্ৰত আমি লাইট ক্ৰয় কৰোতে সাৱধান হ’ব লাগে । অৰ্থাৎ যিটো লাইটত চি আৰ আই ৯৭ লিখা আছে , সেইটো লাইট নিশ্চিতভাৱে ক্ৰয় কৰিব পাৰে লগতে যিবোৰ লাইটৰ কালাৰ টেম্পাৰেচাৰ ২,৭০০ ডিগ্ৰি কেলভিন বা তাৰ তলত থাকে ,তেন্তে সেই লাইটে শৰীৰৰ কম ক্ষতি কৰে ।

একেদৰে পোহৰ পৰি থকা স্থানত এলইডি লাইট ব্যৱহাৰ কৰিব পাৰে । যিহেতু সূৰ্যৰ ৰশ্মিয়ে এলইডি লাইটৰ ক্ষতিকাৰক শক্তি হ্ৰাস কৰাত সহায় কৰে । সেইবাবে সূৰ্যৰ ৰশ্মি প্ৰৱেশ কৰা স্থানত এলইডি লাইট সংযোগ কৰিব লাগে ।

Exit mobile version