THE LONGEST TRAIN IN THE WORLD DESERT MAURITANIA : পৃথিৱীৰ আটাইতকৈ দীঘল ৰেলখন ,য’ত যাত্ৰীৰ বাবে নাই এখনো আসন

২১ ঘন্টীয়া দীঘলীয়া যাত্ৰা কেনেদৰে কটায় যাত্ৰীসকলে !

WhatsApp Image 2022 10 08 at 16.02.38

THE LONGEST TRAIN IN THE WORLD DESERT MAURITANIA : পৃথিৱীৰ বহুতো দেশৰ ৰে’লৰ যাত্ৰা সম্প্ৰতি সকলোৰে বাবে অতি প্ৰয়োজনীয় অংশ হৈ পৰিছে ৷এনে প্ৰেক্ষাপটত বহু ট্ৰেইনে আপোনাক এটা সুন্দৰ যাত্ৰা দিয়াৰ বিপৰীতে কিছুমানে আনকি আপোনাক আটাইতকৈ ভয়াৱহ অভিজ্ঞতাও দিছে । আফ্ৰিকান দেশ মৌৰিতানিয়াত এখন ৰে’ল চলি আছে, য’ত আপুনি ভ্ৰমণ কৰিলে আপোনাৰ জীৱন বিপদত পেলাব লগীয়া হ’ব পাৰে ৷ এই প্ৰকাৰৰ ৰে’লত মালবাহী ৰে’লো অন্তৰ্ভুক্ত থাকে ৷ য’ত যাত্ৰা কৰা সহজ নহয়। এই ৰে’লখনত কোনো যাত্ৰীৰ আসন বা শৌচালয় নাই। সেয়েহে ইয়াৰ যাত্ৰাই আৰু অধিক অসুবিধাক আমন্ত্ৰণ কৰিব পাৰে।

পৃথিৱীৰ আটাইতকৈ দীঘল ৰে’লখন চলাচল কৰে আফ্ৰিকাত আৰু ৰে’লখনৰ চলাচল আৰম্ভ কৰা হৈছিল ১৯৬৩ত । ইয়াৰ নাম ট্ৰেইন টু মৰুভূমি আৰু ই ২১ ঘণ্টাত ৭০৪ কিলোমিটাৰ পৰ্যন্ত ভ্ৰমণ কৰে। চাহাৰা মৰুভূমিৰ মাজেৰে যোৱা এই ৰে’লখনৰ দৈৰ্ঘ্য প্ৰায় ২ কিলোমিটাৰ। ২০০ তকৈও অধিক ডবা থকা পৃথিৱীৰ আটাইতকৈ দীঘল ৰে’লখনত যাত্ৰীসকলৰ বাবে এটা ডবা আছে। কিন্তু এই ৰে’লখনত ভ্ৰমণ কৰাটো ইমান সহজসাধ্য নহয় ৷ ৰে’লখনত যাত্ৰা কৰিবলৈ যাত্ৰীয়ে কাষ্ট ইস্ত্ৰীৰে বনাব লাগিব নিজৰ আসন কিয়নো ৰে’লখনত নাই এখনো আসনো ।

মনকৰিবলগীয়া যে ট্ৰেইন খনত টকা অবিহনে ভ্ৰমণ কৰিব পাৰি ৷ কিন্তু এই ৰে’লখনে যাত্ৰা কৰিবলৈ লোৱা সময় ৫০০ কিলোমিটাৰ পথ যাত্ৰাতকৈ কম আৰু মানুহে তেওঁলোকৰ ষ্টেচন পাবলৈ বেছি সময় ভ্ৰমণ কৰিব নালাগে। প্ৰায়ে মানুহে তেওঁলোকৰ কৰ্মস্থানত উপস্থিত হ’বলৈ বা দূৰত বাস কৰা আত্মীয়সকলক লগ কৰিবলৈ এই ৰে’লখন ব্যৱহাৰ কৰে। ৰাইজে বুগীটোত ভ্ৰমণ কৰিবলৈ দিব নালাগে ধন ৷ স্মতৰ্ৱ্য যে, যাত্ৰাকালৰ সমগ্ৰ অঞ্চলটোৰ তাপমাত্ৰা ৪৯° চেণ্টিগ্ৰেডৰ পৰা ০° চেণ্টিগ্ৰেডলৈকে হয়।

Exit mobile version