UTTARKHAND AVALANCHE: BODY OF DEEPSHIKHA HAZARIKA RECOVERED : উত্তৰাখণ্ড হিমস্খলনত সন্ধানহীন দীপিকা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ

WhatsApp Image 2022 10 08 at 14.47.17

UTTARKHAND AVALANCHE: BODY OF DEEPSHIKHA HAZARIKA RECOVERED : হিমালয়ান ৰাজ্য উত্তৰাখণ্ডত সংঘটিত হিমস্খলনত সন্ধানহীন হোৱা দীপিকা হাজৰিকাৰ মৃতদেহ অৱশেষত বৰফাবৃত পৰ্বতৰ পৰা উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। উত্তৰাখণ্ডৰ দ্ৰৌপদী কা দণ্ডা-২ পৰ্বতত হিমস্খলনৰ ফলত ৪ অক্টোবৰৰ পৰা অসমৰ যুৱ পৰ্বতাৰোহী গৰাকী সন্ধানহীন হৈ আছিল। গুৱাহাটী মহানগৰৰ ৰাজগড়ৰ নিবাসী দীপশিখা হাজৰিকা যোৱা তিনিদিন ধৰি আন নজন পৰ্বতাৰোহীৰ স’তে হৈ আছিল ।

উল্লেখ্য যে,নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিংৰ মুঠ ২৯ গৰাকী প্ৰশিক্ষাৰ্থীয়ে এক প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে মঙলবাৰে ১৭ হাজাৰ ফুট উচ্চতাৰ দ্ৰৌপদী কা দণ্ডা-২ পৰ্বতত অৱস্থান কৰি থকা সময়তে সংঘটিত হোৱা ভয়াৱহ হিমস্খলনত নিখোজ হয় আটাইকেইগৰাকী পৰ্বতাৰোহী ৷ অৱশেষত শুক্ৰবাৰৰ পৰা এছ ডি আৰ এফ,এন ডি আৰ এফ,আই টি বি টি আৰু সেনাৰ যৌথ অভিযানকাৰী দলে বৰফাবৃত পৰ্বতৰ মাজত পৰা মুঠ ১৯ টা মৃতদেহ উদ্ধাৰ কৰে ।

সেনাৰ এডভান্সড লাইট হেলিকপ্টাৰে মৃতসকলক আজি মাতলি হেলিপেডলৈ লৈ অনাৰ ব্যৱস্থা কৰিছে বুলি প্ৰকাশ কৰে উত্তৰাখণ্ডৰ ডিজিপি অশোক কুমাৰে । উল্লেখযোগ্য যে আজি পুৱতি নিশাৰে পৰা দুৰ্ঘটনাস্থলীত দুৰ্বল বতৰৰ বাবে স্থগিত ৰখা হৈছে অভিযান । অৱশ্যে অভিযানৰ অব্যাহত ৰখাটো নিৰ্ভৰ কৰিব বতৰৰ স্বাভাৱিক ঘূৰি অহাৰ ওপৰত বুলি মন্তব্য কৰে শীৰ্ষ আৰক্ষী বিষয়াজনে ।

দীপশিকাৰ দেউতাক আৰু ভাতৃয়ে মৃতদেহটি চমজি লবলৈ উত্তৰাখণ্ডলৈ গৈছে । মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁৰ মৃতদেহ অসমলৈ ঘূৰাই দিয়া হ’ব। অৱশ্যে  আন তিনিটা মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই ।

Exit mobile version