UNION HOME MINISTER AT DERGAON POLICE TRAINING COLLEGE : দেৰগাঁও অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ

WhatsApp Image 2022 10 09 at 21.34.02

UNION HOME MINISTER AT DERGAON POLICE TRAINING COLLEGE : দেৰগাঁও অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালত আজি উপস্থিত হয় দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ সন্মিলনত গৃহমন্ত্ৰীৰ স’তে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ সন্মিলন খন আৰম্ভ হোৱাৰ পূৰ্বে গৃহমন্ত্ৰী গৰাকীয়ে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত ১৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ১৫২ জন ব্যক্তি বহিব অত্যাধুনিক সভাগৃহটি উদ্বোধন কৰে ৷

তাৰ পিচতে অনুষ্ঠিত হয় ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ সন্মিলন ৷ সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহক গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই । আৰক্ষী অধীক্ষকৰ সন্মিলনত মুখ্য অতিথি ৰূপে অংশ লৈ গৃহমন্ত্ৰী গৰাকীয়ে আৰক্ষী অধীক্ষক সকলক নাগৰিক অধিকাৰ সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে সন্ত্ৰাসবাদী নিৰ্মুলৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ভুমিকাক ভূয়সী প্ৰশংসা কৰে ৷

সভাত মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰক্ষীৰ শেহতীয়া কেতবোৰ কাৰ্যপন্থাৰ শলাগ লয় আৰু আৰক্ষীক ৰাইজৰ কাষলৈ যোৱাৰ আহ্বান জনায় ৷ সন্মিলনত কৃষিমন্ত্ৰী অতুল বৰা,আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকে ৷ ইয়াৰ পিছতে দুপৰীয়া আহাৰ গ্ৰহণ কৰি ৰৰৈয়া বিমান কোঠৰ পৰা বিশেষ বিমানযোগে দিল্লী অভিমুখে উৰা মাৰে গৃহমন্ত্ৰী গৰাকী ৷ উল্লেখ্য যে ৭ অক্টোবৰত অসমলৈ আহিছিল গৃহমন্ত্ৰী অমিত শ্বাহ ৷

Exit mobile version