বাগ্‌সাৰ ভোটেপোৱাবড়ীত কবি সিন্ধুমণি শৰ্মাৰ “শব্দৰ মাজত বিচাৰো” কাব্যগ্রন্থ উন্মোচন

গ্ৰন্থখন উন্মোচন কৰে "দৈনিক অগ্ৰদূত"ৰ সংবাদ কৰ্মী প্ৰদীপ কুমাৰ বৰ্মনে

WhatsApp Image 2022 10 10 at 20.09.29

বাগ্‌সা জিলাৰ ভোটেপোৱাবড়ী চ’কত দেওবাৰে বিয়লি বাগ্‌সা জিলা শিল্পী সমাজৰ উদ্যোগত জিলাখনৰ নতুন বৰলাৰ বাসিন্দা শিক্ষক তথা কবি সিন্ধুমণি শৰ্মাৰ দ্বিতীয়খন কাব্যগ্ৰন্থ “শব্দৰ মাজত বিচাৰো” উন্মোচন কৰা হয় । এক গাম্ভীৰ্যপূৰ্ণ সভাৰ জৰিয়তে কাব্য গ্ৰন্থখন উন্মোচন কৰে “দৈনিক অগ্ৰদূত” কাকতৰ সংবাদ কৰ্মী তথা বিশিষ্ট জ্যেষ্ঠ কবি প্ৰদীপ কুমাৰ বৰ্মনে ।

বৰ্মনক সহযোগিতা আগবঢ়ায় মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলে । প্ৰদীপ কুমাৰ বৰ্মনে কাব্যগ্ৰন্থখন উন্মোচন কৰি ৰাইজৰ মাজত কবিতা আৰু কবি সিন্ধু মণি শৰ্মাৰ কবিতা, কাব্যগ্ৰন্থ সন্দৰ্ভত ভাষণ প্ৰদান কৰি কয়, কবিতা হ’ল মনৰ দলিচা ৷ এক কথাত কবিতা হ’ল ভাবৰ অনুভূতি ৷ সিন্ধুমণি শৰ্মাই তেওঁৰ প্ৰতিটো কবিতাতে প্ৰকৃতিৰ নিৰ্মোহ ছবি, প্ৰেমৰ জয়গান আৰু আমাৰ সমাজখনৰ উচ্চনীচৰ যি দেৱাল তাৰ প্ৰতিচ্ছবি ফুটাই তুলিবলৈ অকনো কুণ্ঠাবোধ কৰা নাই ৷

সিন্ধুমণি শৰ্মাৰ প্ৰায় প্ৰতিটো কবিতাই চিত্তাকৰ্ষক ৷ যাৰ বাবে কবিতা প্ৰেমী সকলোৱে শৰ্মাৰ কবিতা পঢ়ি ভাল পাব ৷ সিন্ধুমণি শৰ্মাৰ এই কাব্যিক যাত্ৰা অব্যাহত থাকক ৷ আজিৰ ডিজিটেল মাধ্যমৰ দিনতো কবিতাৰ জনপ্ৰিয়তা যে হ্ৰাস পোৱা নাই তেনেকুৱা এক বাৰ্তা শদিয়াৰ পৰা ধুবুৰীলৈ গ’লে কবিতাৰ ন দিন আকৌ উভতি আহিব, কাব্যপ্ৰেমীৰ মনত উৎসাহ জাগিব ৷

কাব্যগ্ৰন্থ উন্মোচনী সভাখনত বজালী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক কৰুণা মোহন শৰ্মা, বিশিষ্ট কবি সাহিত্যিক পীযুষ পাঠক, জালাহৰ ডাঃ অনন্ত একাডেমীৰ অধ্যক্ষ ভৱেশ শৰ্মা, বাগ্‌সা জিলা কবি সমাজৰ কুমাৰ অনুপম, কংকন কাকতি আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰি ৰাইজৰ মাজত সাহিত্য সম্পৰ্কে বহুমূলীয়া ভাষণ প্ৰদান কৰে ।

অনুষ্ঠানত কে’বাগৰাকী কবিয়ে কবিতা পাঠ কৰি সাহিত্য প্ৰেমী ৰাইজক আপ্লুত কৰে ৷ উক্ত গ্ৰন্থ উন্মোচনী সভাত অঞ্চলটোৰ স্থানীয় ৰাইজ উপস্থিত থাকে ।

Exit mobile version