ভুটানৰ নদীয়ে বিভীষিকা নমাই আনিছে বি টি আৰ ৰ গাঁও সমূহলৈ, দ্ৰুত হাৰত প্ৰতিবন্ধী সন্তানৰ জন্ম

আব্দুল মজিদ, নলবাৰী

WhatsApp Image 2022 10 10 at 14.44.11

কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰতিবেদন দাখিলৰ পাছতো চকু নপৰিল পৰিৱেশ মন্ত্ৰণালয়ৰ

 

পূৱ ভুটানৰ চান্দ্ৰুপ জংখাৰ, পেমাগেটচেল আৰু তাচিগেং জিলাৰ পৰা অসমৰ বি টি আৰ ৰ বুকুৱেদি নামি আহিছে ধনশিৰী, ভোগদৈ, দিখৌ, শুক্লাই, বৰনদী, কলাজল, পুথিমাৰী, পাগলাদিয়া আৰু মানাহকে ধৰি বহুকেইকেইখন সৰু বৰ নদী। বি টি আৰ ৰ ভূটান সীমান্তৱৰ্তী গাঁওসমূহৰ বেছিভাগেই এই নৈ সমূহৰ ওপৰত নিৰ্ভৰশীল। নদীৰ বুকুত বান্ধ বান্ধি ডং সাজি তাৰে পানী বোৱাই আনি খেতি, কানিকাপোৰ ধোঁৱা আনকি খোৱাৰ বাবেও ব্যৱহাৰ কৰে ।

সীমান্তৱৰ্তী মাত্ৰ কেইখনমান গাঁৱৰ লোকে মাহিলী ডেৰশ টকা বাবদ ভাৰত চৰকাৰৰ জলজীৱন আঁচনিৰ খোৱা পানী পাবলৈ সক্ষম হৈছে যদিও অধিকাংশই এতিয়াও নদীৰ পানী খায়। কিন্তু নদী সমূহ হৈ পৰিছে ভয়ানক প্ৰদূষিত। প্ৰতিবন্ধক শিশুৰ সুৰক্ষা আৰু কল্যানকামী সংস্থা ” ইৰোদা” ৰ এক সূত্ৰই সদৰী কৰামতে শেহতীয়াভাৱে কেৱলমাত্ৰ নাওকাটা অঞ্চলতে ডেৰশকৈ প্ৰতিবন্ধক শিশুৰ জন্ম হৈছে ।

স্থানীয় ৰাইজৰ সূত্ৰই সদৰী কৰামতে নদীকেন্দ্ৰীক ভূটান সীমান্তৱৰ্তী গাঁওসমূহত প্ৰতিবন্ধী শিশুৰ জন্মৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ লগতে মহিলা সকলৰ গৰ্ভধাৰণ ক্ষমতা দ্ৰুত হাৰত কমি আহিছে। প্ৰধানকৈ ভুটানৰ কিছু সংখ্যক চিমেণ্ট, ব্লক আৰু কয়লা উদ্যোগৰ আৱৰ্জনাৰে ভয়ংকৰভাৱে নদীসমূহ প্ৰদূষিত হৈ উঠা বুলি গুৰুতৰ সন্দেহ প্ৰকাশ হৈছে ।

কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী প্ৰকাশ যাদবে অসমৰ ৪৪ খনকৈ নদী ভয়ংকৰ প্ৰদূষণৰ কবলত পৰা বুলি ইতিমধ্যে কেতিয়াবাই স্বয়ং সংসদৰ মজিয়াত প্ৰতিবেদন দাখিল কৰিছিল যদিও এই পৰ্যন্ত ৰাজ্য অথবা কেন্দ্ৰ উভয় চৰকাৰে গুৰুত্ব দিয়া নাই। যাৰ ফলত বিভীষিকা নামি আহিছে ভূটান সীমান্তৱৰ্তী অসমৰ বি টি আৰ ৰ হেজাৰ হেজাৰ লোকলৈ ।

Exit mobile version