ৰঙাপৰাৰ দাঁতিকাষৰীয়া অঞ্চলত বিনিদ্র ৰজনী কটাইছে ৰাইজে, নিশা পাঁচটাকৈ গৃহ লণ্ডভণ্ড

WhatsApp Image 2022 10 10 at 18.03.54

ৰঙাপৰাত বনৰীয়া হাতীৰ সমস্যা এক জ্বলন্ত সমস্যাৰূপে পৰিগণিত হৈছে । ৰঙাপৰাত এতিয়া ৰাতি হ’লেই মানে হাতী আহে । ৰঙাপৰাৰ চাহ বাগিচাৰ অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ মুক্ত বিচৰণ আৰু তাণ্ডৱলীলা ।

জাক জাক বনৰীয়া হাতী খাদ্যৰ সন্ধানত ওলাই আহিছে জনাঞ্চললৈ । শোণিতপুৰৰ ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহিমূধুসূদন সোঁৱৰিছে স্থানীয় ৰাইজে । ৰঙাপৰাত প্ৰতিদিনে বনৰীয়া হাতীয়ে চলাই আহিছে উপদ্ৰৱ । বনৰীয়া হাতীয়ে ভাঙিছে ইটোৰ পাছত সিটোকৈ বাসগৃহ । বন বিভাগেও বনৰীয়া হাতীৰ জাক খেদি পঠিয়াইছে ইফালৰ পৰা সিফালে । নিশা হ’লেই আৰম্ভ হয় বনৰীয়া হাতীৰ তাণ্ডৱলীলা ।

কালি নিশা ৰঙাপৰা নাহৰণি পঞ্চায়তৰ অধীনৰ কেৰাৱস্তীত ছটা বনৰীয়া হাতী প্রৱেশ কৰি দ্ৰোপদী বড়ো, জীতেন দাস, বিশ্বজিৎ সনোৱাল, জিমি নাৰ্জাৰীৰ, নিৰ্মল বৰা, নৰেন আদি ব্যাক্তিসকলৰ বাসগৃহ, পাকঘৰ, গুদাম ঘৰ আদি ভাঙি লণ্ডভণ্ড কৰে । নিশা বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ গাঁৱৰ ৰাইজেৰ স’তে হাতীৰ জাকটো খেদে যদিও কছাৰী গাঁও চাহবাগিছাত চাহ কৰ্মচাৰীৰ বাসগৃহকেইটা বিস্তৰ ক্ষতি সাধন কৰে ।

ইফালে, নিশা এক নং নামনি গাঁৱত এটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি ঠাকুৰবাৰী পথৰ দুয়োকাষে থকা বাসগৃহৰ লোকসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে । ওৰেটো নিশা অঞ্চলটোৰ ৰাইজে টায়াৰৰ জুই জ্বলাই পহৰাৰ ব্যৱস্থা কৰে । মুঠতে নিশা ঠাকুৰবাৰী, নাহৰবাৰীৰ শ্রমিক লাইনৰ বাসিন্দাসকলৰ মাজত এই বনৰীয়া হাতীৰ বাবে হুৱা-দুৱাৰ পৰিৱেশৰ সৃষ্টি হয় ।

প্ৰনিধানযোগ্য যে বিভাগটোৰ বৰমুৰীয়াসকলে আজিকোপতি এই অঞ্চলৰ হাতী-মানুহৰ সংঘাত নিৰাময়ৰ কোনো ব্যৱস্থা গ্ৰহণ কৰাত সফলতা লাভ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । প্ৰতি বছৰে হাতীৰ আক্ৰমণত মানুহৰ প্ৰাণ যায় অথবা হাতীয়েও বিভিন্ন কাৰণত মুত্যু মুখত পৰা দেখা যায় ।

এইবেলি শস্য পকাৰ পূৰ্বে এই বনৰীয়া হাতীৰজাকক বিয়াগোম বন বিভাগটোৱে জনাঅঞ্চলৰ পৰা কি দৰে খেদি পঠিয়াবলৈ সক্ষম হয় সেয়া সময়ত লক্ষণীয় হ’ব ।

Exit mobile version