Giant Pumpkin : এটা ৰঙালাউৰ বাৰু কিমান ওজন হ’ব পাৰে ? ১০ কিলোগ্ৰাম বা অতি বেছি ১৫ কিলোগ্ৰাম !

কিন্তু এই ৰঙালাউটোৰ ওজন হৈছে ১,১৫৮ কিলোগ্ৰাম, জানিবলৈ পঢ়ক ---

548631 new project 67

এটা ৰঙালাউৰ বাৰু কিমান ওজন হ’ব পাৰে ? আপুনি হয়তো জানি আচৰিত হ’ব যে , এই ৰঙালাউটোৰ ওজন হৈছে ১,১৫৮ কিলোগ্ৰাম । অবিশ্বাস্য যেন লাগিলেও এনে এক দৈত্যাকাৰ পাচলি উৎপাদন কৰি আমেৰিকা নিউয়ৰ্কৰ এজন কৃষকে সকলোকে স্তম্ভিত কৰি তুলিছে ।

নিউয়ৰ্কৰ স্কট এন্দ্ৰেছ নামৰ এই কৃষকজনে নিজৰ খেতিত এই বিয়াগোম ৰঙালাউটোৰ উৎপাদন কৰিছে । ইতিমধ্যে এই ৰঙালাউটো নিউয়ৰ্কৰ ‘দ্যা পামকিন ফাৰ্ম’ নামৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পুৰস্কাৰ অৰ্জন কৰিছে । তৎস্বত্বেও সামান্য হতাশ কৃষক এন্দ্ৰেছ । কিয়নো সামান্য ব্যৱধানৰ বাবে বিশ্ব অভিলেখৰ কাষ পোৱা স্বত্বেও তেওঁৰ ৰঙালাউটোৱে থমকি ৰ’বলগীয়া হয় ।

এন্দ্ৰেছৰ এই ৰঙালাউটোৰ ওজন ১.১৫৮ কিলোগ্ৰাম । অৱশ্যে এই ক্ষেত্ৰত বিশ্ব অভিলেখ আছে ইটালীৰ কৃষক এজনৰ দখলত । তেওঁ উৎপাদন কৰা ৰঙালাউটোৰ ওজন আছিল ১.২২৫ কিলোগ্ৰাম । এন্দ্ৰেছে জনাইছে যে , বিশ্ব অভিলেখ গঢ়াই তেওঁৰ লক্ষ্য আছিল । তাৰবাবে তেওঁ দিনে-নিশাই ৰঙালাউটো চোৱাচিতা কৰিছিল । তথাপি বিশ্ব অভিলেখৰ পৰা কেই কিলোগ্ৰাম দূৰতে সন্তুষ্ট থাকিবলগীয়া হয় । সামান্য হতাশ হ’লেও অৱশ্যে তেওঁৰ কোনো খেদ নাই । কিয়নো বিশ্ব অভিলেখ নহ’লেও উত্তৰ আমেৰিকাৰ সবাতোকৈ অধিক ওজনৰ ৰঙালাউৰ অভিলেখ এতিয়া তেওঁৰ দখলত । ইয়াতেই সন্তুষ্ট এন্দ্ৰেছ ।

Exit mobile version