Heroin seized in karimganj : সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে কৰিমগঞ্জ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ ৯.৪৬ কিলোগ্ৰামৰ ৪০ কোটিৰ ড্ৰাগছ জব্দৰ বিষয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰি কৰিমগঞ্জ আৰক্ষীক প্ৰশংসা কৰে৷
ADVERTISEMENT
উল্লেখ্য যে কৰিমগঞ্জ আৰু সীমান্ত নিৰাপত্তা বাহিনীৰ যৌথ দল এটিয়ে মিজোৰামৰ পৰা ত্ৰিপুৰা অভিমুখে গৈ থকা পথত চিমেণ্ট ভৰ্তি ট্ৰাক এখনত অৰ্তকিতে তালাচি চলায় ৭৬৪ টা প্লাষ্টিকৰ চাবোনৰ কেচত অনা হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ট্ৰাকখনৰ চালক মুহিবউদ্দিনক আটক কৰি অব্যাহত ৰাখিছে জেৰা ৷